ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ অভূতপূৰ্ব সফলতা

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ  অভূতপূৰ্ব সফলতা

ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা তিনিটা ধানৰ জাত আৰু তিনিটা মাহজাতীয় শস্যৰ জাতে সৰ্বভাৰতীয় অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় কৃষি জাত অনুমোদন সমিতিয়ে অসমৰ কৃষি বিজ্ঞানীৰ গৱেষণাৰ ফচল এই জাতকেইটাত অনুমোদন জনাইছে।

অনুমোদিত উচ্চ উৎপাদনক্ষম শালি ধানৰ জাতকেইটা হ'ল পাটকাই, শতাব্দী আৰু প্ৰচুৰ। আনহাতে মাহজাতীয় শস্যৰ জাতকেইটাৰ ভিতৰত মটৰ মাহৰ জাত জেউতি, মগুমাহৰ জাত বুৰৈ আৰু মাটিমাহৰ জাত পাভৈ কেন্দ্ৰীয়ভাৱে অনুমোদিত হৈছে। বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা "পাটকাই" জাতটো বেক্টেৰিয়াজনিত ব্লাইট প্ৰতিৰোধী হোৱাৰ লগতে ত্ৰিস্তৰীয় সুৰক্ষা প্ৰদান কৰে আৰু অসমত খেতি কৰিবলৈ অতি উপযোগী এই জাতটোৰ সময়সীমা ১৫০ দিন আৰু গড় উৎপাদন হেক্টৰত ৫.৫-৬.০ টন।

শতাব্দী জাতটো মিছা স্মাটৰ প্ৰতিৰোধী আৰু বেক্টেৰিয়াৰ পাতৰ ব্লাইট, শ্বীথ ব্লাইট, আৰু ষ্টেম ব'ৰাৰৰ প্ৰতি মধ্যমীয়া প্ৰতিৰোধী অধিক উৎপাদনক্ষম আৰু ইয়াৰ গড় উৎপাদন ৬.০-৬.৫ টন প্ৰতি হেক্টৰ আৰু ইয়াৰ সময়সীমা ১৫০-১৫৫ দিন। "প্ৰচুৰ" জাতটো মিছা স্মাটৰ প্ৰতিৰোধী আৰু শ্বীথ ব্লাইট, ষ্টেম ব'ৰাৰৰ আৰু বেক্টেৰিয়াল লিফ ব্লাইটৰ প্ৰতি মধ্যমীয়া প্ৰতিৰোধী ইয়াৰ গড় উৎপাদন ৬.০-৬.৫ টন প্ৰতি হেক্টৰ আৰু ইয়াৰ সময়সীমা ১৫০-১৫৫ দিন।

আনহাতে নগাঁৱৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ,ছিলঙনিৰ কৃষি বিজ্ঞানীৰ দলে উদ্ভাৱন কৰা মটৰৰ জাত "জেউতি" উচ্চ উৎপাদনক্ষম হোৱাৰ উপৰিও জাতটোত পাউদাৰী মিলডিউ আৰু ৰাষ্ট ৰোগ প্ৰতিৰোধী হোৱাৰ লগতে চেঁই বিন্ধোৱা পোক,মোৱাপোক আৰু পাত সুৰঙ্গকাৰী পোকৰ মধ্যমীয়া প্ৰতিৰোধী গুণ বিশিষ্ট। বৰ্তমানৰ জাততকৈ ইয়াৰ উৎপাদন ২০-২৫ শতাংশ বৃদ্ধি পায়।

ইয়াৰ পৰিপক্কতাৰ সময়ো সাধাৰণ জাততকৈ ১০-১২ দিন কম। মাগু মাহ জাত "বুৰৈ" ৬৫-৬৮ দিনীয়া অতি কম সময়ৰ জাত । যিটো আন জাততকৈ পৰিপক্কতাৰ সময় ৫-৭ দিন কম। লগতে চেঁই বিন্ধোৱা পোক,মোৱাপোক আৰু পাত সুৰঙ্গকাৰী পোকৰ মধ্যমীয়া প্ৰতিৰোধী গুণ বিশিষ্ট।

হেক্টৰে প্ৰতি উৎপাদন ১৩-১৪ কুইন্টল।মাটি মাহৰ জাত "পাভৈ" ৰ উৎপাদন বৰ্তমানৰ জাততকৈ ২৫-৩০ শতাংশ বেছি আৰু ইয়াৰ পৰিপক্কতাৰ সময় ৫-৭ দিন কম।ই চাৰ্কস্পʼৰা লিফ স্পট্ আৰু হালধীয়া মোজাইক ভাইৰাছ ৰোগ প্ৰতিৰোধী । ইয়াৰ উৎপাদন ১৪-১৬ কুইন্টল প্ৰতি হেক্টৰত। এই অনুমোদিত জাতসমুহে কৃষি উৎপাদন বৃদ্ধি তথা অসমৰ লগতে দেশৰ কৃষিক্ষেত্ৰৰ উত্তৰণ ঘটাব বুলি আশা কৰা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ  অভূতপূৰ্ব সফলতা
আহি আছে পৰীক্ষা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in