যোৰহাট এ ডিভিজন ফুটবল লীগৰ সামৰণিঃ বৰভেটা স্প'ৰ্টছ ক্লাব চেম্পিয়ন...

যোৰহাট এ ডিভিজন ফুটবল লীগৰ সামৰণিঃ বৰভেটা স্প'ৰ্টছ ক্লাব চেম্পিয়ন...

author-image
Asomiya Pratidin
New Update
যোৰহাট এ ডিভিজন ফুটবল লীগৰ সামৰণিঃ বৰভেটা স্প'ৰ্টছ ক্লাব চেম্পিয়ন...

যোৰহাট এ ডিভিজন ফুটবল লীগৰ সামৰণিঃ বৰভেটা স্প'ৰ্টছ ক্লাব চেম্পিয়ন...

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট এ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত বৰভেটা স্প'ৰ্টছ ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা এ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি বৰভেটা স্প'ৰ্টছ ক্লাব আৰু যোৰহাট ভিক্টোৰিয়াছ ক্লাবৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত বৰভেটা স্প'ৰ্টছ ক্লাবে যোৰহাট ভিক্টোৰিয়াছ ক্লাবক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে।

Advertisment

আজি চূড়ান্ত খেলখনৰ আৰম্ভণিৰে পৰাই দুয়ো দলৰ মাজত তীব্ৰ আক্ৰমণাত্মক খেল হয়। ভিক্টোৰিয়াছ ক্লাবৰ তুলনাত আজি বৰভেটা ক্লাবৰ আক্ৰমণ তীব্ৰতৰ আছিল আৰু সেই অনুসৰি বৰভেটা দলে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

খেলৰ প্ৰথমাৰ্ধৰ ১৫ মিনিটত ৰাইট উইংৰ পৰা ওলাই অহা এটা বল হেড কৰি গ'ললৈ ঠেলি দি বৰভেটা স্প'ৰ্টছ ক্লাবক ১-০ গ'লৰ অগ্ৰগতি প্ৰদান কৰে বৰভেটা দলৰ অভিজ্ঞ ষ্ট্ৰাইকাৰ চন্দন নেওগে। ইয়াৰ পাছত ভিক্টোৰিয়াছ ক্লাবে সমতা স্থাপন কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা কৰে যদিও ব্যৰ্থ হয় দুৰ্বল ফিনিছিং তথা বৰভেটা দলৰ ৰক্ষণ বিভাগৰ শক্তিশালী বেহু ভেদ কৰিবলৈ।

খেলৰ দ্বিতীয়াৰ্ধতো দুয়ো দলে আপ্ৰাণ চেষ্টা চলায়ে কোনো এটা দলে সফলতা লাভ কৰিব নোৱাৰিলে। আজিৰ খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, ধ্ৰুৱজ্যোতি সভাপণ্ডিত, দিগন্ত বুঢ়াগোহাঁই, ড০ হেম চুতীয়া, ভোগ বৰাই।

আনহাতে বঁটা বিতৰণি অনুষ্ঠানত প্ৰতিযোগিতাখনত ৭টাকৈ গ'ল দিয়াত বৰভেটা স্প'ৰ্টছ ক্লাবৰ চন্দন নেওগে সৰ্বাধিক গ'ল দাতাৰ সন্মান অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা অৰ্জন কৰে বৰভেটা স্প'ৰ্টছ ক্লাবৰে অধিনায়ক লোহিত টায়ে। খেলখন পৰিচালনা কৰে বিমান সন্দিকৈয়ে। লাইনত সহায় কৰে থানেশ্বৰ ৰেগন, বিনুজ গগৈ আৰু চতুৰ্থত ৰাজদ্বীপ বৰাই।

Also Read: বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ কল গছৰ তলত উদ্ধাৰ পিষ্টলসহ সজীৱ গুলী...

ফুটবল