/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3ab0a887-6344-4f6c-ac9e-be4c70d80991/jatiya_vidyalaya_05.jpg)
যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ...
ডিজিটেল সংবাদ বেকাজানঃ অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদেৰ উদ্যোগত আৰু যোৰহাট জিলা সমন্বয়ৰক্ষী সমিতিৰ সহযোগত যোৰহাট জিলাৰ মহবন্ধাৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্র তিনি দিনীয়া বৰ্ণাঢ্য কার্য্যসূচীৰে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে । আজি প্ৰথমদিনা কাৰ্যসূচীৰ প্ৰতিনিধি শিবিৰ মুকলি কৰে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সভাপতি ড০ দিলীপ কুমাৰ দত্তচৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fa909bf1-9147-4214-b365-814fa24cb832/10f33ce3_7823_4928_b9d9_2b137b77f82d.jpg)
প্রতিনিধি শিবিৰ মুকলি কৰি তেওঁ সকলো জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলক এই ৰাজ্যিক সমাৰোহলৈ আদৰণি জনায়। ইয়াৰোপৰি আটাইকেইটা দিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈও সকলোকে আহবান জনায়।
এই অনুষ্ঠানতে গ্রন্থ প্রদর্শনী উদ্বোধন কৰি যোৰহাট জিলাৰ বিদ্যালয় পৰিদর্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে জাতীয় বিদ্যালয়সমূহৰ বিষয়ে প্রশংসাসূচক মন্তব্য আগবঢ়ায় আৰু শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ শলাগ লয়। তেওঁ কয় যে, জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহে অসমীয়া ভাষা-সাংস্কৃতিকৰ জাতীয় চেতনাৰে জাতিটোক সমৃদ্ধ কৰিছে । আমাৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে এনেধৰণৰ সমাৰোহৰ প্ৰয়োজন আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/558bff21-7625-4271-85e1-a1f4c78821eb/f7d6e1c6_2821_4f91_9d34_56f854756368.jpg)
আজি জাতীয় বিদ্যালয়ৰ শিল্প প্ৰদৰ্শনীৰ যিদ্বাৰ উন্মোচন কৰিছো সেই প্ৰদৰ্শনীত ছাত্ৰ -ছাত্ৰীসকলৰ শৈল্পিক প্ৰতিভা পৰিস্ফুট হৈছে। এই শিল্প প্ৰদৰ্শনীত অসমৰ বিভিন্ন ছাত্ৰ -ছাত্ৰীসকলৰ শিল্প প্ৰতিভাৰ সমাহাৰ ঘটিছে। জাতীয় বিদ্যালয়ে অসমীয়া ভাষা-সংস্কৃতিৰ জাতীয় চেতনাক প্ৰকাশ কৰিছে ।
একে অনুষ্ঠানতে শিল্প প্রদর্শনীৰ দ্বাৰ মুকলি কৰে যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে। তেখেতে অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হোৱাৰ লগতে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰবিলৈ জাতীয় বিদ্যালয়ৰ দৰে অনুষ্ঠানটি অধিক শক্তিশালী কৰি তোলাৰ পোষকতা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/76bd9405-380c-4b41-85c3-3be7d559c9a5/89803cb1_2397_4004_a852_a0ab47086a52.jpg)
তেওঁ শিল্প প্ৰদৰ্শনী উদ্বোধন কৰি কয়, জাতীয় বিদ্যালয়ে অসমীয়া ভাষা সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ যি মহৎ পদক্ষেপ হাতত লৈছে তাক দেখি মই অভিভূত হৈছো । আমি সকলোৱে জাতীয় শিক্ষাৰ অনুষ্ঠানটিক আগবঢ়াই নিবলৈ সহযোগিতা আগবঢ়াব লাগিব।
এই সমাৰোহখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ যোৰহাট আৰক্ষী প্ৰশাসনৰ সকলোধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। তেখেতে ভাষণ জাতীয় বিদ্যালয়ৰ নীতি আদর্শক প্রশংসা কৰি শিপাৰ সৈতে থকা সম্পর্কক আৰু অধিক মজবুত কৰিবৰ বাবে ক্ষেত্রত সকলো সবল ভূমিকা লোৱা উচিত বুলি মত প্রকাশ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/37668723-ca4d-4183-b5a1-1be5a903ab4d/3f773ffd_92ee_4e86_a62f_778fd7d3043e.jpg)
আনহাতে জাতীয় বিদ্যালয়ৰ দ্বিতীয় সমাৰোহখনৰ সন্দৰ্ভত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ তথা এজবেকৰ সচিব ডঃ নাৰায়ণ শৰ্মাই জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ সন্দৰ্ভত কয় যে, জাতীয় বিদ্যালয়ৰ ৰাজ্যিক যি সমাৰোহ তাৰ আজি প্ৰথম দিনৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে। আমি অতিশয় আনন্দিত হৈছো যে আমি আশা কৰাতকৈ বহু শিক্ষাৰ্থী আৰু শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।
অসমৰ ধুবুৰী পৰা ধেমাজিলৈকে শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ, ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি যি আদৰ্শেৰে যোৱা তিনিটা দশকৰ পূৰ্বে জাতীয় বিদ্যালয়ৰ আৰম্ভ কৰিছিলো। এটি বীজ অংকুৰিত হৈছিল।
সেই বীজে আজি বিশাল ৰূপ পৰিগ্ৰহণ কৰিছে। বৰ্তমানলৈকে সমগ্ৰ অসমৰ চুকে কোণে তিনি হাজাৰতকৈ অধিক জাতীয় বিদ্যালয় গঢ়ি উঠিছে। আৰু আজি আমি সকলোৱে চুকাফা সমন্বয় ক্ষেত্ৰত সমবেত হৈছো।
আমাৰ এটাই উদ্দেশ্য মাতৃভাষাৰ মাধ্যমত বিজ্ঞানসন্মত শিক্ষা প্ৰদান কৰি শিক্ষা ব্যৱস্থাৰ আমাৰ ওপৰত যি আস্থা আছিল তাক আজি আমি সফল কৰি তোলাৰ লগতে প্ৰাপ্তিও কৰিছো। এই যাত্ৰাক আমি কিমান আৰু শৃংখলাবদ্ধ কৰি আগুৱাই লৈ যাব পাৰো তাৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9d1480da-5e6a-4385-9eb6-889b22fcdfd1/e8b472e5_cdbc_41dc_8d58_296a051b064c.jpg)
এই সমাৰোহৰ অন্যতম উদ্দেশ্য হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ একে পাঠ্যক্ৰমৰ অধ্যয়ন কৰা লগতে ছাত্ৰ -ত্ৰীসকলে ইজনে সিজনৰ সংস্কৃতিক বুজি পোৱাত সহায় হ'ব। আমি সকলোৰে সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগে ।
ল্লেখযোগ্য যে, আজি প্ৰথম দিনাৰ সমাৰোহত ৮৮৮ খন জাতীয় বিদ্যালয়ৰ ৬৮০৩ শিক্ষক, ছাত্র-ছাত্ৰীয় অংশগ্ৰহণ কৰিছে। আনহাতে সন্ধিয়া গীত মাতৰ শীৰ্ষ অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী পৰিচালক জয়ন্ত নাথ আৰু বিশিষ্ট লোক সংগীত শিল্পী কমলা গগৈয়ে।
Also Read: তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ডাঃ ৱালিউল ইছলামৰ আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা...