ভাৰতীয় জনতা মজদুৰ সংঘ বি জে এম এছৰ চতুৰ্থ কার্যনির্বাহক সভাঃ ১৭টা প্ৰস্তাৱ গ্ৰহণ

ভাৰতীয় জনতা মজদুৰ সংঘ বি জে এম এছৰ চতুৰ্থ কার্যনির্বাহক সভাঃ ১৭টা প্ৰস্তাৱ গ্ৰহণ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় জনতা মজদুৰ সংঘ বি জে এম এছৰ চতুৰ্থ কার্যনির্বাহক সভাঃ ১৭টা প্ৰস্তাৱ গ্ৰহণ

ডিজিটেল সংবাদ,বেকাজানঃ অমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত ভাৰতীয় জনতা মজদুৰ সংঘ চমুকৈ বি জে এম এছৰ চতুৰ্থ কার্যনির্বাহক সভা অনুষ্ঠিত হয়। ৰাজ্যিক সভাপতি প্ৰাঞ্জল দাসৰ পৌৰহিত্যত আৰু গুৱাহাটী মহানগৰৰ অতিথ্যত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ১৩ খন জিলাৰ প্ৰতিনিধি আৰু ৩টা কোষ ক্রমে ভাৰতীয় জনতা ৰেলৱে কট্ৰেকচোৱেল মজদুৰ সংঘ আৰু ভাৰতীয় জনতা কৃষি আৰু পশুপালন সংঘৰ প্ৰতিনিধি উপস্থিত থাকে।

Advertisment

সভাত সর্বসন্মতিক্রমে ১৭ টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ভাৰতীয় জনতা মজদুৰ সংঘই ভাৰতীয় জনতা মজদুৰ সংঘৰ নগাঁও জিলা সমিতিখন বর্তমানলৈ ভংগ কৰা হয় আৰু জিলাৰ সভাপতি পবিত্র তালুকদাৰক ৰাজ্যিক সমিতিৰ উপ-সভাপতিৰ দ্বায়িত্ব অর্পন কৰা হয়। যোৰহাট জিলাৰ সমিতিখন বর্তমানলৈ ভংগ কৰি সভাপতি গিৰিশ শইকীয়াক ৰাজ্যিক উপ-সভাপতি হিচাপে দ্বায়িত্ব প্রদান কৰা হ'ল। শিৱসাগৰ জিলা সমিতিখন ভংগ কৰি জিলা সভাপতি দেৱাশীষ খাৰঘৰীয়া আৰু সম্পাদক বিতুমণ মোহনক ৰাজ্যিক কার্যনির্বাহক সদস্য হিচাপে দ্বায়িত্ব দিয়া হৈছে।

শোণিতপুৰ জিলা সমিতিখন ভংগ কৰি সভাপতি চিন্ময় বৰাক ৰাজ্যিক কার্যনিবাহক সদস্য হিচাপে দ্বায়িত্ব দিয়া হৈছে। লগতে নর নির্বাচিত সভাপতি হিচাপে অশোক বৰুৱাক দায়িত্ব দিয়া হৈছে। আগন্তুক পঞ্চম কার্যনির্বাহক সভালৈকে নতুনকৈ ওদালগুৰি, বিশ্বনাথ চাৰিআলিক আৰু লখিমপুৰ সাংগঠনিক জিলা বিস্তাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰৱৰ্তী পঞ্চম কার্যনির্বাহক সভাখন গোলাঘাট জিলাৰ আতিথ্যত আয়োজন কৰিবলৈ সভাপতি ৰাতুল বৰাই আগ্রহ প্রকাশ কৰে।

ইফালে ৰাজ্যিক সমিতিৰ নেতৃত্বত এটি বেংক একাউন্ট খোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ২০২৫ বৰ্ষৰ মাৰ্চ মাহত শিৱসাগৰ জিলাত এক বিশাল সমাবেশ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্রত্যেক জিলাতে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ব্যাপক সদস্য ভর্তি অভিযান আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কোৱা হয়। জিলা সমিতি ভংগ কৰা জিলা সমূহত নতুনকৈ জিলা সমিতি গঠন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

বৰপেটা জিলা সমিতি ভংগ কৰা হয় আৰু নবনির্বাচিত সভাপতি হিচাবে শ্রীযুত তুটোমণি শৰ্মাক দায়িত্ব অর্পণ কৰা হয়। কুলজিৎ বায়নক ৰাজ্যিক সাধাৰণ সম্পাদক বিত্তীয়) ৰ দায়িত্ব অর্পণ কৰা হয়।ভাৰতীয় জনতা ৰেলৱে কট্ৰেকচোৱেল মজদুৰ সংঘ (NF Rly) ৰ আগন্তুক ও মাহৰ ভিতৰত ৰঙিয়া, লামডিং সংমণ্ডল ৰ পূৰ্ণাঙ্গ সমিতি গঠন কৰা আৰু তিনিচুকীয়া সংমণ্ডল সকলো শাখাত একোখনকৈ শাখা সমিতি গঠন কৰি সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ভাৰতীয় জনতা কৃষি আৰু পশুপালন সংঘৰ ৰাজ্যিক সমিতি খন শক্তিশালী কৰি কৃষি আৰু পশুপালনৰ লগত জড়িত লোকসকলৰ মাজত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুনকৈ ঘোষণা কৰা জিলা সভাপতি বা জিলা সমিতি গঠন হোৱা জিলাত যেনে- বৰপেটা, তামুলপুৰ, চিৰাং, শোণিতপুৰ, যোৰহাট, চৰাইদেউ আৰু বাক্সাত আগন্তুক ২ মাহৰ ভিতৰত পূর্ণাঙ্গ জিলা সমিতি গঠন কৰি কার্যনির্বাহক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো জিলাতে আগন্তুক ২ মাহৰ ভিতৰত জিলা কার্যনির্বাহক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Bharatiya Janata Mazdoor Sangh BJMS