বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগে বিতৰণ কৰিলে ৮৩০ খন ভূমিপট্টা

বেকাজানত ১০০০ দৰ্শক বহিব পৰা অত্যাধুনিক ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্মাণ কৰা কথা ঘোষণা
বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগে  বিতৰণ কৰিলে ৮৩০ খন ভূমিপট্টা
বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগে বিতৰণ কৰিলে ৮৩০ খন ভূমিপট্টা

ডিজিটেল সংবাদ বেকাজানঃ অসম চৰকাৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম-নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়তৰ প্ৰায় ৮৩০ খিলঞ্জীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ কৰে । বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত মিছন বসুন্ধৰা- ২.০ ৰ অধীনত ভূমিপট্টা বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, আজিৰ পৰা আপোনালোকে নিজৰ ভূমিৰ অধিকাৰ লাভ কৰিলে। অসম-নাগালেণ্ড সীমান্তৰ বেকাজানৰ দহখন ৰাজহ গাঁৱৰ প্ৰায় ৮৩০ পৰিয়ালে আজি ভূমিপট্টা লাভ কৰিছে। বেকাজান পঞ্চায়তত এতিয়ালৈকে মুঠ ৩১০৯ পৰিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ দিনত ভূমি পট্টা লাভ কৰিছ। কিন্তু দুৰ্ভাগ্যৰ কথা যে, স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আপোনালোকে ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। আগতে অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ নাছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন স্বনিৰ্ভশীল অসম গঢ়াৰ সপোন দেখিছে। সেয়ে তেওঁ মিছন বসুন্ধৰা আঁচনি ২.০ জৰিয়তে আপোনালোকক পট্টা প্ৰদান কৰি স্বনিৰ্ভশীল কৰি তুলিবলৈ চেষ্টা কৰিছে। আজি আপোনালোকে নিজৰ মাটিৰ অধিকাৰ লাভ কৰি এখন আত্মনিৰ্ভশীল অসম গঢ়ি তুলিব লাগিব।

তেওঁ পুনৰ কয়, বিত্তমন্ত্ৰী হিচাপে মোৰো সপোন আছে যিখিনি ভূমিহীন দুখীয়া পৰিয়ালে ভূমিপট্টা লাভ কৰা নাই তেওঁলোকে বসুন্ধৰা মিছন ২.০জৰিয়তে পট্টা লাভ কৰক। আমি সংকল্প লৈছো যাতে অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহেই ভূমিপট্টা লাভ কৰে। বসুন্ধৰা মিছন ২.০ ত কিছুমান লোকৰ আবেদন নাকচ হৈছে । তেওঁলোকে সংশোধন কৰি পুনৰ মিছন ৩ আবেদন কৰিব পাৰিব। তেওঁলোকে ১০০ শতাংশ ভূমিপট্টা লাভ কৰিবই। আনহাতে বেকাজান পঞ্চায়তৰ সকলো পৰিয়ালে অহা ছমাহৰ ভিতৰত পট্টা লাভ কৰিব।

তেওঁ কয় অসম-নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়ত উন্নয়নৰ দিশত অতিকৈ পিছ পৰা । ইয়াৰ বাট-পথ অতি শোচনীয়। নতুনকৈ সমষ্টি নিৰ্ধাৰণ পিছত বেকাজান পঞ্চায়তৰ দহখন ৰাজহু গাঁৱৰ নতুনকৈ মোৰ নিজা গোলাঘাট সমষ্টি অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পঞ্চায়তখনৰ বাট-পথৰ শোচনীয় অৱস্থাৰ কথা অৱগত কৰাৰ পিছতেই মাত্ৰ দুমাহত ১০ কোটি টকাৰ তিনিটা পথৰ নিৰ্মাণৰ আৱণ্টন কৰে। এয়া মাত্ৰ আৰম্ভণিহে। ২০২৬ চনৰ পিছত বেকাজান পঞ্চায়ত উন্নয়নৰ পৰিৱৰ্তন আপোনালেকে দেখিবলৈ পাব। বেকাজান পঞ্চায়তত যিহেতু সভা-সমিতি কৰিবলৈ ভাল প্ৰেক্ষাগৃহত নাই গতিকে মই বেকাজানৰ ৰাইজৰ বাবে প্ৰায় এহেজাৰ দৰ্শক বহিব পৰা এটা অত্যাধুনিক ৰাজহুৱা প্ৰেক্ষাগৃহ অহা ছমাহৰ ভিতৰত নিৰ্মাণ কৰিবলৈ বিভাগীয় বিষয়াসকল নিৰ্দেশ দিছো।

বিত্তমন্ত্ৰী অজন্তা নেওগে বেকাজান উন্নয়ন স্থবিৰ হৈ থকাত আশ্বৰ্য প্ৰকাশ কৰি কয়, পঞ্চায়তৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰকৃততে জনপ্ৰনিধিসকলৰ সদ্দিছাৰ ওপৰত নিৰ্ভৰ কৰে। পঞ্চায়ত প্ৰতিনিধিসকলে যেনেধৰণৰ নেতৃত্বত দিব লাগিছিল তেনেধৰণৰ নেতৃত্ব দিয়া মই দেখা পোৱা নাই। তদুপৰি সকলো জনপ্ৰতিনিধিৰ বাবে সমান পুঁজি আবণ্টণ হয় । কিন্তু উন্নয়ন হোৱা নাই। প্ৰথমবাৰ বেকাজানলৈ আহি শোচনীয় বাট-পথৰ বাবে মোৰ কঁকাল বেকা হৈ গৈছিল। সঁচাকৈ ক'বলৈ গ'লে বহু ব্যস্ততাৰ মাজতো মই সদায় পঞ্চায়তৰ কাম-কাজ গুৰুত্ব সহকাৰে চাওঁ।

বিত্তমন্ত্ৰী গৰাকীয়ে আৰু কয় এজন নাগৰিকৰ প্ৰথম অধিকাৰ হৈছে ভূমিৰ অধিকাৰ ‌। কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমাৰ আজি সেই অধিকাৰ নাই। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ভূমিহীন খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিবৰ বাবে মিছন বসুন্ধৰা আঁচনি ২০২১ চনৰ ২ অক্টোবৰত আৰম্ভ কৰিছিল। লগে লগে ব্ৰিটিছৰ সেই আছাম লেণ্ড এক্ট আৰু ৰেভিনিউ এক্ট সংশোধন কৰি ভূমিপট্টা দিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। তাৰে ফল লাভ কৰিছে অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহে।

আজিৰ মিছন বসুন্ধৰা আঁচনিৰ ২.০ ভূমিপট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ মহকুমাধিপতি বিপাঞ্চী দত্ত ,গোলাঘাট জিলাৰ চক্ৰ বিষয়া দামোদৰ বৰ্মন, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ বিপুল কছাৰী, পোনা বৰা আৰু জুনু বৰাই।

তিতাবৰৰ ৰাজহ চক্ৰৰ বিৰুদ্ধে পট্টা বঞ্চিত ৰাইজৰ ক্ষোভ

ইফালে বেকাজান পঞ্চায়ত হাজাৰ হাজাৰ পৰিয়ালে নিজৰ গাঁঠিৰ ধন ভাঙি ভূমিপট্টাৰ বাবে আবেদন কৰাৰ পিছতো নাকচত হোৱাত পুনৰ বঞ্চিত হোৱাত ক্ষোভ উজাৰিছে । ৰাইজে অভিযোগ উত্থাপিত কৰা অনুসৰি তিতাবৰ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতিৰ বাবে ভূমি আবণ্টণ পত্ৰ লাভ কৰিও এনেদৰে দুবাৰকৈ আবেদন নাকচ হয়।

ফলত সীমান্তৰ হাজাৰ হাজাৰ পৰিয়াল পট্টাৰ বঞ্চিত হ'ব লগা হয়। ৰাইজে অভিযোগ কৰামতে হিমন্ত বিশ্ব শৰ্মাই অতি স্বচ্ছতাৰে পট্টা দিয়া বুলি দাবী কৰিলেও ভূমিৰ জৰীপ লগত একাংশ কৰ্মচাৰীয়ে ভিতৰুৱা বুজাবুজি কৰি বাছি বাছি পট্টা আবণ্টণ দিয়াৰ বিপৰীতে বহু দুখীয়া পৰিয়াল বঞ্চিত কৰে। সীমান্তবাসী ৰাইজে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে তিতাবৰ ৰাজহ চক্ৰ বিভাগত কেতিয়া দুৰ্নীতিৰ অন্ত পৰিব ?

বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগে  বিতৰণ কৰিলে ৮৩০ খন ভূমিপট্টা
কাছাৰত পুনৰ তিনি সুদখোৰ গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in