/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b325bb0a-628c-4861-b61d-856e28e3c530/7a49adbb-231d-494c-9464-096a99d27213.jpg)
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বেকাজান লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত ৮ জুলাইৰ পৰা ২৪ জুলাইলৈ অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। ছাত্র-ছাত্রীৰ সর্বাঙ্গীন বিকাশৰ বাবে চিত্রকলা, কবিতা আবৃত্তি, হাতৰ আখৰ, নীতিশিক্ষা, ধ্বনিগত শিক্ষন, গীত-নৃত্য অভিনয় তথা জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শন ওপৰত অনুষ্ঠিত কৰা হৈছিল ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা।
সামৰণি এই উপলক্ষে পুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ধীৰেন চিৰিং ফুকনে । গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতি খগেন গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/81011661-11fd-4bd8-adb1-66d7a4853f1e/e376be95-62d6-4160-a0dc-ed2692dca536.jpg)
আনহাতে স্মৃতি তৰ্পণ কৰে বেকাজান বালিকা উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ চুতীয়াই। ইয়াৰ পিছত প্রতিযোগিতা উদ্বোধন অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক বুধিন্দ্ৰ নাথ বৰচেতিয়াই।
সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্রজ্বলন কৰে সমাজ সেৱক জীৱেশ্বৰ চুতীয়াই। ইয়াৰ পিছতেই শিক্ষাৰ্থীসকলে শৰাইত গুৱা পানলৈ কৰ্মশালাৰ প্রশিক্ষকসকলক গুৰু সেৱা কৰি সন্মান যাচে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0fd79c9c-b01d-45ef-8f80-2db609b906df/bbdb7f67-b107-401f-a850-c9b5a0c4fd45.jpg)
এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰআৰক্ষী থানাৰ আৰক্ষী বিষয়া বিতোপন চুতীয়া, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড, সদৌ অসম মইনা পাৰিজাত প্ৰচাৰ সম্পাদক ৰবীন মহন্ত, সাংবাদিক মন্টুচ কোঁৱৰ, অজয় শইকীয়া , সুন্দৰম সুকুমাৰ কলাকেন্দ্রৰ অধ্যক্ষা সূৰ্য্যাৱতী শইকীয়া, অংশোকা বিদ্যাপীঠ সঞ্চালক সুশীল বৰদলৈ।
আনহাতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে । প্ৰধান শিক্ষক পল্লৱ শইকীয়া আৰু যুৱ সমাজকৰ্মী চত্ৰজিত যাদৱে আঁত ধৰা অনুষ্ঠানটিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কেইবাগৰাকী ছাত্ৰ - ছাত্ৰী সম্বধৰ্না জনোৱা হয়।
Also Read: গৌৰীপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা...