ডিজিটেল সংবাদ, যোৰহাটঃ অসমীয়া গ্ৰন্থ আন্দোলনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা যোৰহাটৰ মুদ্ৰণ উদ্যোগৰ বিশিষ্ট উদ্যোগী, সমাজ কৰ্মী, ৰাজনীতিক শিৱপ্ৰসাদ বৰুৱাই ৮৮ বছৰ বয়সত বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মানৱতাবাদী আৰু বিজ্ঞানমনস্কৰ ব্যক্তি গৰাকীৰ শেষ ইচ্ছা অনুসৰি শুকুৰবাৰে তেখেতৰ মৰণোত্তৰ দেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়।
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ শিৱপ্ৰসাদ বৰুৱাৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ৰুবী শইকীয়ায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থকা ব্য়ক্তিসকলে মহান ব্যক্তি গৰাকীয়ে মৰণোত্তৰ দেহদানেৰে মানৱতাবাদী আৰু বিজ্ঞানমনস্কতাৰ যি দৃষ্টান্ত দাঙি ধৰিলে তাৰ শলাগ লয়।
অনুষ্ঠানত উপস্থিত থাকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক, কৰ্মচাৰী, ছাত্র-ছাত্ৰী, প্ৰয়াত বৰুৱাৰ পৰিয়ালৰ সদস্য সকল, অমৰাৱতী বৃদ্ধাশ্ৰমৰ বিষয়ববীয়া পৰান বৰুৱা, উপেন মহন্ত ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ কাৰ্যকৰী সভাপতি নিৰ্মল চন্দ্ৰ গগৈ আৰু সম্পাদক ঋতুপৰ্ণ গোস্বামী প্ৰমুখ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তি গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পূৰ্বে যোৰহাটৰ অমৰাৱতী বৃদ্ধাশ্ৰমত চমু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব পালন কৰা শিৱপ্ৰসাদ বৰুৱাক আশ্ৰমখনৰ আৱাসী তথা বিষয়ববীয়াসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য যে, শিৱপ্ৰসাদ বৰুৱাই ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ বিষয়ে শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল।
যোৰহাটৰ তৰাজান গায়ন গাঁৱৰ নিৱাসী তথা ১৯৩৫ চনৰ ২৯ মাৰ্চত কাকজান চাৰিগাঁৱত জন্ম হোৱা শিৱপ্ৰসাদ বৰুৱাই কাকজানত স্কুলীয়া শিক্ষা সাং কৰি যোৰহাটৰ জে বি কলেজত অধ্যয়ন কৰাৰ পাছত যোৰহাট আইন মহাবিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল। যোৰহাটত আধুনিক ছপা মুদ্ৰণৰ অন্যতম বাটকটীয়া শিৱপ্ৰসাদ বৰুৱাই ১৯৬৬ চনতে যোৰহাটত গ্ৰন্থ বিক্ৰী আৰু প্ৰকাশনৰ বাবে পূৰ্বশ্ৰী প্ৰকাশন প্ৰতিষ্ঠা কৰে। সেই সময়তে এই প্ৰকাশন প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁ গ্ৰন্থ বিক্ৰী কৰাৰ উপৰিও বহু গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি সেৱা আগবঢ়াই গৈছে।
আধুনিক মুদ্ৰণ উদ্যোগৰ যোৰহাটৰ অন্যতম বাটকটীয়াগৰাকীয়ে ১৯৭২ চনত পূৰ্বশ্ৰী অফছেত প্ৰিন্টাৰ্ছ প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰাই এই আধুনিক ছপাশালটো উজনি অসমৰ ছপা ব্যৱসায়ত মাইলৰ খুঁটি হৈ পৰে। সেই সময়ত উজনি অসমৰ পৰা প্ৰকাশ হোৱা বহু আলোচনী, গ্ৰন্থ, বাতৰি কাকত আদি এই ছপাশালৰ পৰা প্ৰকাশিত হৈছিল। এই প্ৰতিষ্ঠানৰ পৰাই দৈনিক অগ্ৰদুত কাকতখন দীৰ্ঘদিন ধৰি ছপা হৈ ওলাইছিল আৰু কাকতখনৰ যোৰহাটৰ কাৰ্যালয়টো ইয়াৰ পৰাই পৰিচালিত হৈছিল।
ইয়াৰ লগতে শিৱপ্ৰসাদ বৰুৱাৰ যতীন্দ্ৰনাথ বৰগোহাঞিৰ সম্পাদনাত পষেকীয়া আলোচনী স্বদেশ আৰু তিনিদিনীয়া বাতৰিকাকত পূৰ্বদেশ প্ৰকাশ কৰিছিল। এই প্ৰেছটো কালক্ৰমত বন্ধ হ'ল যদিও ইয়াৰ গৃহটোৰ একাংশ তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘক দান হিচাপে আগবঢ়ায়। শ্ৰীমন্ত শংকৰদেৱ সংঘই দানসূত্ৰে পোৱা এই গৃহতে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোৰহাট শাখাটো পৰিচালিত কৰিছে।
শিৱপ্ৰসাদ বৰুৱাই মহাপুৰুষ মাধৱদেৱ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও গায়ন গাঁৱত প্ৰতিষ্ঠা কৰা ফণীধৰ দত্ত শিক্ষা প্ৰকল্পৰ লগতো ওতপ্রোত ভাৱে জড়িত আছিল।
ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্রীয় কমিটিয়ে মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজ কৰ্মী শিৱপ্ৰসাদ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।