ৰঙাজান গাঁও পঞ্চায়তত অমৃত সৰোবৰ খন্দাক লৈ বিতৰ্ক

ৰঙাজান গাঁও পঞ্চায়তত অমৃত সৰোবৰ খন্দাক লৈ বিতৰ্ক

ডিজিটেল সংবাদ,তিতাবৰ : অসম চৰকাৰৰ বহুলাষী আঁচনি অমৃত সৰোবৰ খন্দাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে তিতাবৰৰ ৰঙাজান গাওঁ পঞ্চায়তত। জানিব পৰামতে অমৃত সৰোবৰত কাম কৰা জবকাৰ্ডৰ শ্ৰমিকক অশ্লীল গালি-গালাজেৰে অপদস্থ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

পঞ্চায়তখনৰ চেচাঁমুখ সত্ৰৰ মুকুন্দ মাধৱ গোস্বামী নামৰ এগৰাকী ব্যক্তিয়ে অমৃত সৰোবৰৰ কাম কৰাত প্ৰতিদিনে বিশৃংখলাৰ সৃষ্টি কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, নিজৰ স্বাৰ্থৰ বাবে ব্যক্তিগৰাকীয়ে অশ্লীল গালি-গালাজেৰে জবকাৰ্ডৰ শ্ৰমিক সকলক অপদস্থ কৰাৰ ফলত শ্ৰমিকসকলে কাম কৰিবলৈ অস্বীকাৰ কৰাত সমগ্ৰ প্ৰকল্পটো বুমেৰাঙত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য যে, অমৃত সৰোবৰৰ কাষেদি নিৰ্মাণ কৰা পথছোৱা খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত মণ্ডলৰ জৰিয়তে জৰীপ কৰাই ২২ ফুট প্ৰস্থৰে নিৰ্মাণ কৰাৰ বাবে গাঁওবাসীৰ লগত সিদ্ধান্ত হৈছিল। সেই অনুসৰি ২২ ফুটত ৰাস্তা নিৰ্মাণ কৰি সময়তে গোস্বামী উপাধিৰ ব্যক্তিগৰাকীয়ে চৰকাৰী নিৰ্দেশনা উলংঘা কৰি অমৃত সৰোবৰৰ পাৰ কাটি হ'লেও শ্ৰমিকসকলক ২৬ ফুট বহলকৈ নিৰ্মাণ কৰিবলৈ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে শ্ৰমিকসকলে।

কিন্তু তেঁওৰ মতে শ্ৰমিকসকলে কাম কৰিবলৈ অমান্তি হোৱাত অতি নিকৃষ্ট আৰু অশ্লীল ভাষাৰে শ্ৰমিকসকলক অপদস্থ কৰাত লাজে-অপমানে জৰ্জৰিত শ্ৰমিকসকলে কাম কৰিবলৈ অস্বীকাৰ প্ৰদান কৰিছে। একে সময়তে অমৃত সৰোবৰ খন্দা মাটিও অভিযুক্ত ব্যক্তিগৰাকীয়ে নিজৰ ভূমিত জমা কৰি চৰকাৰী নিৰ্দেশনা উলংঘা কৰি অহাৰ পিছতো ৰহস্যজনক কাৰণত প্ৰশাসনে নীৰৱতা অৱলম্বন কৰি আহিছে।

যদিহে তিতাবৰ মহকুমা প্ৰশাসনে বিষয়টোত হস্তক্ষেপ নকৰে বৰ্তমানে অমৃত সৰোবৰথলী বুমেৰাঙত পৰিণত হোৱাৰ সম্ভাৱনাইহে দেখা দিছে ।

ৰঙাজান গাঁও পঞ্চায়তত অমৃত সৰোবৰ খন্দাক লৈ বিতৰ্ক
খটখটীত বৃহৎ পৰিমাণৰ কানিসহ ২জন সৰবৰাহকাৰী আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in