AAU ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

AAU ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

author-image
Asomiya Pratidin
New Update
AAU ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

AAU ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আজি অনুষ্ঠিত হয়। পুৱা সামূহিক বিজ্ঞান মহাবিদ্যালয় চৌহদত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়।

Advertisment

অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ মামনি দাসে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথিৰ বক্তব্যত প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই কৃষি উদ্যোগী গড় দিয়াৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু ইয়াৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্মদক্ষতাৰ শলাগ লোৱাৰ লগতে ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰে।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে প্ৰতিষ্ঠা দিৱস বক্তৃতা প্ৰদান কৰি ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠান,নয়ডাৰ চেয়াৰমেন প্ৰফেছৰ ড০ সৰোজ শৰ্মাই বৃত্তিগত ব্যৱস্থাপনা আৰু কাৰ্যকুশলতাৰ যথোপযুক্ত প্ৰয়োগৰ জৰিয়তে উদ্যোগিক সম্ভাৱনীয়তা আৰু দিশত শিক্ষানুষ্ঠানৰ কৰণীয়তাৰ বিষয়ে আলোকপাত কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ভাষণত সামূহিক বিজ্ঞান মহাবিদ্যালয়ে শিক্ষাৰ সমান্তৰালভাৱে গৱেষণাৰ জৰিয়তে উদ্ভাৱনৰ জৰিয়তে উদ্যোগিক মানসিকতাৰে আগবাঢ়ি যোৱাতো অতি প্ৰশংসীয় বুলি উল্লেখ কৰে। অনুষ্ঠানত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকাসকলক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানতে সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থৰ লগতে ৪ খন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও অংশগ্ৰহণ কৰে।

সোণালী জয়ন্তী উদযাপনৰ সমিতিৰ সাংগঠনিক সম্পাদিকা ড: নন্দিতা ভট্টাচাৰ্যই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰুসকল, বিশেষ কৰ্তব্যৰত বিষয়াসকল, মুৰব্বী অধ্যাপকসকল,গৱেষক বিজ্ঞানীসকল, কৰ্মচাৰীসকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

Also Read: প্ৰসংগ মণিপুৰঃ ''ভুল স্বীকাৰ কৰিব লাগিব বুলিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী''

অসম কৃষি বিশ্ববিদ্যালয়