/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1ed8cfc8-b0b3-4462-b9d0-d3c888e483e7/titabor_12.jpg)
তিতাবৰত শিক্ষয়িত্ৰীৰ বিদায় সম্বৰ্ধনাঃ নৃত্য, গীতৰ মাজেৰে পুষ্প বৃষ্টিৰে আনিলে আদৰি...
ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ চুঙী বনুৱা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপিকা শইকীয়া কছাৰীৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান সোমবাৰে অনুষ্ঠিত হয়। এই উপলক্ষে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হীৰেণ দাসৰ সভাপতিত্বত আৰু বৰ্তমানৰ প্ৰধান শিক্ষক নেকিব আহমেদে আঁত ধৰা সভাত চুঙী চাহ বাগিচাৰ পৰিচালক কিষাণ শৰ্মা, বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু ধনীৰাম কছাৰী, মোহন চন্দ্ৰ ঠাকুৰ, লিলম চন্দ্ৰ গঞ্জু আদিয়ে বক্তব্য প্ৰদান কৰে।
উল্লেখযোগ্য যে ১৯৮৫ চনৰ ১৭ নৱেম্বৰত তিতাবৰৰ মোহনাটিং নতুন গাঁও প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰাৰ পিছত ১৯৮৮ চনৰ ১ জুলাইত চুঙী বনুৱা প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ যোৱা ২৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। সোমবাৰে বিদ্যালয় কৰ্তৃপক্ষই প্ৰায় ৩৮ বছৰ শিক্ষকতা কৰা মোহনাটিং চৰিয়া পথাৰ গাঁৱৰ নিবাসী শিক্ষাগুৰুগৰাকীক নিজ গৃহৰ পৰা বিশাল পদযাত্ৰাৰে বিভিন্ন নৃত্য-বাদ্য পৰিৱেশন কৰি পুষ্পবৃষ্টি আৰু মাঙ্গলিক ধ্বনিৰে চৰণ পখালি বিদ্যালয়লৈ আদৰি আনে।
বিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক এখন ফুলাম গামোচা, চেলেং, সঁফুৰা, জাপি, গ্ৰন্থৰ টোপোলা, উপৰিও অনেক উপহাৰ সামগ্ৰীৰ লগতে প্ৰশস্তি পত্ৰৰে শিক্ষাগুৰু দীপিকা শইকীয়া কছাৰীক সম্বৰ্ধনা জনায়। আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত চুঙী বাগিচা মজদুৰ সংঘৰ সভাপতি সঞ্জীৱ ঘাটোৱাৰ, সংঘৰ সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি বকুল গোৱালা, আটছাৰ ডফলাটিং উপ-শাখাৰ সভাপতি নিতুল কুৰ্মী, বিদ্যালয়ৰ অধ্যয়নৰত আৰু প্ৰাক্তন ছাত্ৰ - ছাত্ৰী, পৰিচালনা সমিতি, শিক্ষক গোট, অভিভাৱকমণ্ডলীসহ স্থানীয় ৰাইজ উপস্থিত থাকে।
সম্বৰ্ধনা গ্ৰহণ কৰি এৰি অহা দিনৰ স্মৃতি ৰোমন্থনেৰে আবেগিক হোৱা বিদায়ী শিক্ষাগুৰুগৰাকীক সকলোৱে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।