/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/45473f49-01e1-47b9-aca5-d1385edfa140/80.jpg)
ডিজিটেল সংবাদ,তিতাবৰ : ক'লা বজাৰত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল। তিতাবৰত ভগা চিগা কঢ়িওৱা দেম্পৰ ঠেলাত উদ্ধাৰ কৰা হৈছে ২০২৩-২৪বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল।
জানিব পৰামতে, তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা জয়নাল আবেদিনে চফীকুল শ্বেখ নামৰ লোকজনৰ ডেম্পলৈ ক্ৰয় কৰি আনিছিল সামগ্ৰীসমূহ। ঠেলাখনত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী চাইকেলৰ প্ৰস্তুত কৰা সামগ্ৰী আৰু চাইকেল ।
সমগ্ৰ ঘটনাই ৰাজ্যত চলি থকা চৰকাৰী চাইকেলৰ কলা বজাৰখন উন্মোচন কৰি দিছে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা অসমৰ একাংশ কৰ্মকৰ্তাই জব্দ কৰে ঠেলাখন।
ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাইকেল বিতৰণ নামত কি চলিছে আৰু ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা চাইকেল কাঢ়ি নি ক'লা বজাৰত বিক্ৰী কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক উচিত তদন্ত দাবী কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us