ভংগ হ'ব বিজেপি নেতৃত্বাধীন ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ...

হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদত। পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ। 

author-image
Asomiya Pratidin
New Update
ভংগ হ'ব বিজেপি নেতৃত্বাধীন ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ...

ডিজিটেল সংবাদ তিতাবৰঃ হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদত। পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ। 

Advertisment

মুখ্য কাৰ্যবাহীৰূপে তিনিটা বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই পৰিষদৰ পাৰিষদসকলৰ ৰোষত পৰি মুখ্য কাৰ্যবাহীৰ চকীৰপৰা আঁতৰিব লাগিব প্ৰতাপ কছাৰী। ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মৌখিক নিৰ্দেশ দিছে প্ৰতাপ কছাৰীক।

উল্লেখ্য যে ২২ জনীয়া ঠেঙাল স্বায়ত্ত পৰিষদত বৰ্তমান বিজেপিৰ ১৮ গৰাকী, মিত্ৰজোঁট অগপৰ ৩ গৰাকী আৰু কংগ্ৰেছৰ এগৰাকী পাৰিষদ আছে। বিজেপিৰ গৰিষ্ঠসংখ্যক সদস্যই মুখ্য কাৰ্যবাহীগৰাকীৰ বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল।

যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দলীয় নেতৃত্বই তেওঁক পদত্যাগ কৰিবলৈ আহ্বান জনায় । কিন্তু পৰৱৰ্তী মুখ্য কাৰ্যবাহী কোন হ'ব তাক লৈ বিভিন্ন মহলত আৰম্ভ হৈছে বিভিন্ন জল্পনা-কল্পনা।

দলীয় নেতৃত্বৰ নিৰ্দেশৰ পাছতেই এতিয়া নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে তিতাবৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত। অৱশ্যে জানিব পৰা মতে পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী হিচাপে সবাতোকৈ চৰ্চাত আছে প্ৰাক্তন মুখ্য কাৰ্যবাহী কুমুদ কছাৰীৰ নাম।

পূৰ্বতে প্ৰায় ১৮ বছৰ কাল একেৰাহৈ মুখ্য কাৰ্যবাহীৰ দায়িত্ব পালনেৰে অভিজ্ঞতাপুষ্ট কুমুদ কছাৰীয়ে মাত্ৰ ২ টা বছৰৰ বাবে আসনত বহিব নে নবহে সেইকথা স্পষ্ট হোৱা নাই। কিন্তু বৰ্তমানৰ অধ্যক্ষৰ আসনত থকা কুমুদ কছাৰীয়ে তেওঁৰ পদত্যাগপত্ৰ ৰাজ্যিক সমিতিৰ ওচৰত দাখিল কৰিছে।

আনহাতে চৰ্চাত থকা আন এগৰাকী সদস্য হৈছে পৰিষদৰ জালুকনিবাৰীৰ সদস্য শ্যামলকৃষ্ণ বৰাৰ নাম। শ্যামলকৃষ্ণ বৰাৰ নেতৃত্বতে বিজেপি আৰু অগপ মিত্ৰজোঁটৰ প্ৰায় ১৭ গৰাকী সদস্যই মুখ্যমন্ত্ৰীক অৱগত কৰিছিল।

শেহতীয়া তথ্য অনুসৰি অহা সোমবাৰে মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা আছে। লগে লগে ভংগ হ'ব ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ। ইয়াৰ পাছতে অহা ১৮ ডিচেম্বৰত পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠকত নতুন মুখ্য কাৰ্যবাহীৰ লগতে অন্যান্য কাৰ্যবাহী সকলে শপত গ্ৰহণ কৰিব।

ঠেঙাল কছাৰী বিজেপি তিতাবৰ