/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/03baa0c8-0ae2-4481-b216-48dcca0d18f2/titabor_15.jpg)
সদৌ চুতীয়া জাতি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি বিবুল হাজৰিকাক সম্বৰ্ধনা...
ডিজিটেল সংবাদ তিতাবৰঃ সদৌ চুতীয়া জাতি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি বিবুল হাজৰিকাক বৰহোলাত ৰাজ্যৰ ১৪ খন জিলাৰ পৰা অহা চুতীয়া সংগঠনৰ জিলা সমিতিৰ প্ৰতিনিধিয়ে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিনিধিসকলে বৰহোলা তিনিআলিৰ পৰা ৰেলী কৰি বিবুল হাজৰিকাৰ বাসগৃহত উপস্থিত হয়।
ইয়াৰ পিছতে অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত বিভিন্ন জিলাৰ শতাধিক বিষয়ববীয়াৰ সৈতে চিনাকিপৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰত্যেকখন জিলাৰ জিলা সমিতিৰ বিষয়ববীয়া সকলে একত্ৰিতভাৱে সম্বৰ্ধনা পত্ৰ, হতফুল, গামোছা আদিৰে বিবুল হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰি আগন্তুক কাৰ্যকালত জাতিটোৰ উন্নয়ণৰ হকে সৱল নেতৃত্ব প্ৰদান কৰিবলৈ হাজৰিকাক আহ্বান জনায়।
Also Read: পুৱা পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন...