/asomiyapratidin/media/media_files/2025/02/06/GHfBDcgZLZLD2Q42BOM7.jpg)
ডিজিটেল সংবাদ তিতিবাৰঃ অসমৰ সাঁচি ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে অসমৰ সাঁচিক প্ৰসাৰ, প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি যোৱা তিতাবৰৰ বিকাশ বৰাক প্ৰদান কৰিলে ভাৰত গৌৰৱ বঁটা।আন্তঃৰাষ্ট্ৰীয় বৃহৎ অনুষ্ঠান ভাৰত বিকাশ সংগমৰ উদ্যোগত কৰ্ণাটকৰ গোলবাৰ্গৰ ছেদমত অনুষ্ঠিত ভাৰত সাংস্কৃতিক উৎসৱৰ এক বৰ্ণাঢ্য অনুষ্ঠানত বিকাশ বৰাক প্ৰদান কৰে এই বিশেষ সন্মান ।
সমাজ অৰ্থনীতি আৰু দেশৰ উন্নয়নৰ হকে বিভিন্ন দিশত কাম কৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৫১ গৰাকী উদ্যমী আৰু উদ্যোগী ব্যক্তিক ভাৰত বিকাশ সংগমে ভাৰত সাংস্কৃতিক উৎসৱত আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বিশেষ সন্মান। উল্লেখ্য যে ভাৰত গৌৰৱ বঁটাৰ বাবে বিকাশ বৰাৰ নাম ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই বিকাশ বৰাক সামাজিক মাধ্যমৰ জৰিয়তে জনাই অভিনন্দন।
তিতাবৰৰ সু-সন্তান এলেঙী অঞ্চলৰ সাঁচি খেতিয়ক তথা সদৌ সাঁচি খেতিয়ক সন্থা অসম চমুকৈ 'আচাগা'ৰ প্ৰতিষ্ঠাপক, সমাজকৰ্মী অধিবক্তা বিকাশ বৰাই বিগত বহু বছৰ ধৰি অসমৰ সাঁচি ক্ষেত্ৰখনক উত্তৰণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। অসমৰ প্ৰচুৰ সম্ভাৱনা থকা অতি মূল্যবান সম্পদ সাঁচি পলিচিৰ হোৱাৰ ক্ষেত্ৰতো অসম তথা ভাৰত চৰকাৰক বিকাশ বৰাই জনাই আহিছিল পূৰ্ণ সহযোগিতা।
ভাৰত গৌৰৱ বঁটাৰে অসম তথা তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনা বিকাশ বৰাক সামাজিক সাংস্কৃতিক অন্যতম অনুষ্ঠান ইন্সপিৰেচনৰ পাৰ্থ প্ৰতিম দত্ত আৰু চন্দন কলিতাৰ লগতে অসমৰ বিভিন্নজনে অভিনন্দন জনাইছে ।