৫৮ সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন অইল ইণ্ডিয়াৰ

৫৮ সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন অইল ইণ্ডিয়াৰ

ডিজিটেল সংবাদ, যোৰহাটঃ ৫৮ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত আছাম ৰাইফলছ শ্বিলঙক ২-১ গ'লৰ ব্যৱধানত স্তব্ধ কৰি দুলীয়াজান অইল ইণ্ডিয়া এফ চিয়ে চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। সৰ্বভাৰতীয় ফুটবল সন্থা আৰু অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা অসমৰ প্ৰথম শ্ৰেণীৰ পাঁচখন গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতাৰ ভিতৰতে অন্যতম।

১৯৫৫ চনৰ পৰাই এ টি পি এ শ্বিল্ড নামেৰে সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতা। এইবাৰৰ বিজয়ৰ লগতে দুলীয়াজানৰ অইল ইণ্ডিয়া এফ চিয়ে ১৬ বাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। অইল সৰ্বোচ্চ খিতাপ অৰ্জনকাৰী দল।

কিনকিনীয়া বৰষুণৰ মাজত আৰম্ভ হোৱা বৃহস্পতিবাৰৰ চূড়ান্ত খেলখন আৰম্ভণিৰে পৰাই দুই দলৰ মাজত হয় তুমুল যুঁজ । প্ৰথমাৰ্ধত ১-১ গ'লত সমতাত থকা খেলখনত দ্বিতীয়াৰ্ধত দুই দলে গ'ল দিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও কোনো দলেই সফল হ'ব নোৱাৰে। সম্পুৰ্ণ খেলখন ১-১ গ'লত ড্ৰ হোৱাত ফলাফলৰ বাবে পুনৰ অতিৰিক্ত সময় খেলাই আৰু অতিৰিক্ত সময়ৰ তথা খেলৰ ১২৭ মিনিটত অইল ইণ্ডিয়া দলৰ নিৰ্ভৰশীল খেলুৱৈ মিলন বসুমতাৰীয়ে এটা গ'ল দি অইলক ২-১ গ'লৰ ব্যৱধানত জয়ী হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে।

খেলৰ অন্তত চেম্পিয়ন দল দুলীয়াজানৰ অইল ইণ্ডিয়া এফ চি দলক আছাম টি প্লেণ্টাৰ্চ এচ'ছিয়েচনৰ দ্বাৰা "এ টি পি এ শ্বিল্ড" আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সংন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু ফেডাৰেল বেংক মুখ্য প্ৰৱন্ধক অমৃত কুমাৰে। ৰাণাৰ-আপ দল আছাম ৰাইফলছ শ্বিলং দলক "অৰুণেশ্বৰ শৰ্ম্মা মেমৰিয়েল কাপ" ট্ৰফীসহ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে প্ৰাক্তন ৰেফাৰী পালিত বৰা, অঞ্জন বৰাই।

ইফালে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে অইল ইণ্ডিয়া দলৰ জুনমিনলুন কুকিয়ে। প্ৰতিযোগিতাখনৰ শ্রেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা অসম ৰাইফলছ শ্বিলং দলৰ কৰণ চেত্ৰীক "তোলন শইকীয়া মেমৰিয়েল কাপ" ট্ৰফী প্ৰদান কৰে।

এইবাৰ শৃংখলাবদ্ধ বঁটা লাভ কৰা দল অসম পুলিচ ব্লুজ দলক "পুণেশ্বৰ কছাৰি মেমৰিয়েল কাপ" বঁটা প্ৰদান কৰে। নৃপেন্দ্ৰনাথ সিংহ শ্ৰেষ্ঠ ৰেফাৰী বঁটা লাভ কৰে সুমন্ত দত্তই। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে খেলখন উদ্বোধন কৰাৰ পাছতেই খেল আৰম্ভ হৈছিল।

৫৮ সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন অইল ইণ্ডিয়াৰ
গোলপীয়া হ'ব গুৱাহাটী ! বৰ্ষাপাৰত আই পি এলৰ দুখন মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in