/asomiyapratidin/media/media_files/2025/03/24/KjUxJAfuEkJYbdTeBbVW.jpg)
ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাব (নীট ই হাব)ত উন্নত উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ ৫ দিনীয়া আৱাসিক প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাবৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হয়।
উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাবৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাই মনৰ দৃঢ়তা আৰু কষ্ট কৰিব পৰা সাহসেৰে আগবাঢ়িব পাৰিলে সফলতা লাভ কৰিব পাৰি বুলি উল্লেখ কৰি কয় যে, উদ্যোগিক ক্ষেত্ৰত সফলতাৰ বাবেও এই মানসিক সন্তুলন বৰ্তাই ৰাখি হতাশা নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব।
ইয়াৰ বাবে মানুহে এনেই কৰা সমালোচনাক গুৰুত্ব নিদি ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই যাব লাগিব। ইচ্ছা শক্তি থাকিলে সকলো সম্ভৱ। সেয়ে উদ্যোগিক ক্ষেত্ৰত সফলতাৰ বাবে নিজকে মালিক বুলি ভবাৰ পৰিৱৰ্তে মালিকৰ লগতে শ্ৰমিক বুলি ভাবি আগবাঢ়িব লাগিব।
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰি উদীয়মান উদ্যোগীসকলৰ বাবে ব্যৱহাৰিক জ্ঞানৰ সৈতে প্ৰযুক্তিগত উন্নতিৰ সংযোগ স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি গ্ৰাম্য জীৱিকা বৃদ্ধি আৰু কৃষি পৰিৱেশ তন্ত্ৰ বৃদ্ধিৰ বাবে উদ্যোগী প্ৰতিভাক লালন-পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত নীট ই হাবৰ পৰিচালক ড০ ডানিছ তামুলী, ড০ লুনা দত্ত বৰুৱা আৰু মুখ্য ব্যৱস্থাপক বিষয়া বিদ্যুৎ বিকাশ ৰাজকোঁৱৰে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই অনুষ্ঠানত ২০ গৰাকী নিৰ্বাচিত উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে।
এই কাৰ্যসূচীত বিশেষজ্ঞৰ নেতৃত্বত কেইবাটাও শাখাত, ইন্টাৰেক্টিভ কৰ্মশালা, ব্যৱহাৰিক প্ৰদৰ্শন আৰু ব্যক্তিগতকৃত মেণ্টৰশ্বিপৰ জৰিয়তে এক বিস্তৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা হ'ব। লগতে উন্নত উদ্যোগীকৰণৰ ধাৰণা, বিত্তীয় ব্যৱস্থাপনা, ডিজিটেল বিপণন আৰু বজাৰ সংযোগ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ উদ্যোগসমূহ ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াৰ দিশত সম্পূৰ্ণ সক্ষম কৰি তুলিবলৈ যত্ন কৰা হ'ব।