/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a18903f1-f5bb-4115-bef1-53c239f46dc1/448.jpg)
ডিজিটেল সংবাদ,যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা " মৌ উৎপাদন প্ৰযুক্তিৰ"ৰ ডেৰমাহজোৰা হ্ৰস্বকালীন প্ৰশিক্ষণৰ বুধবাৰে সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ পতংগতত্ব বিভাগৰ সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0d704851-c452-473a-bd98-c7cfd010944e/7a80ee40_f989_451f_931e_4546040c376a.jpg)
তেওঁ মৌ উৎপাদনক ব্যৱসায় হিচাপে গ্ৰহণ কৰি এই দিশত উদ্ভাৱনী চিন্তাৰ জৰিয়তে বজাৰ দখলৰ দিশত আগুৱাই যাবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়। মুক্ত আৰু দূৰ শিক্ষাৰ নডেল অফিচাৰ প্ৰীতম বৰঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত ১৯ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
সমন্বয়ক ড০ মুকুল ডেকাই পাঠ্যক্ৰমৰ বিষয়ে সবিশেষ অৱগত কৰা এই অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক(ভাৰপ্ৰাপ্ত ) ড: মৃণাল শইকীয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ( ভাৰপ্ৰাপ্ত) ড: মনোৰঞ্জন নেওঁগ, মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ সঞ্চালক ড০ ৰমণী ঠাকুৰীয়াৰ লগতে পতংগতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বাদল ভট্টাচাৰ্য আৰু মনোজ কলিতাই অংশগ্ৰহণ কৰে।
Also Read: প্ৰণৱ জ্যোতি ডেকালৈ সাহিত্য অকাডেমী!