/asomiyapratidin/media/media_files/2025/04/01/UCNLBUW6xrOkQzDRNLrg.jpg)
ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত কেন্দ্ৰীয়ভাবে এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা বিশ্ববিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই।
স্মৃতি তৰ্পনৰ পাছতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ মূল সভাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধান আৰু ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা সচিব ড° ৰাজেন্দ্ৰ সিং পেৰদাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰে।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অগ্ৰগতিৰ বিষয়ে বক্তব্য আগবঢ়াই কৃষিক্ষেত্ৰত উদ্ভাৱনী চিন্তা আৰু উদ্ভাৱনী ক্ষমতা বৃদ্ধি আৰু এইবোৰ দিশত প্ৰসাৰতাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ শিক্ষাৰ্থীসকলৰ উপৰিও এই দিশত আগ্ৰহীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ দৰে নিত্য নতুন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।
মুখ্য অতিথি ড° ৰাজেন্দ্ৰ সিং পেৰদাই বক্তব্যত কৃষিৰ অগ্ৰগতি আৰু বিপ্লৱৰ বাবে সঠিক নীতিৰ জৰিয়তে সমন্বিত ভাবে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি কয় যে, ইয়াৰ বাবে আন্তঃগাথঁনিৰ উন্নয়নৰ সমান্তৰালভাৱে উদ্ভাৱনৰ দিশটোও অতি প্ৰয়োজনীয়। সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ যথোপযুক্ত খাদ্য, শস্যৰ উৎপাদন আৰু বিতৰণ হ'ব লাগিব।
তাৰ বাবে খাদ্য সুৰক্ষা আৰু পৌষ্টিক খাদ্য সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। এই ক্ষেত্ৰত থলুৱা খাদ্য ব্যৱস্থাৰ ওপৰতো যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া প্ৰয়োজন। সঠিকভাৱে পানীৰ ব্যৱহাৰ আৰু ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে শস্যৰ ৰোপন বৃদ্ধি কৰি অধিক সম্প্ৰসাৰণৰ জৰিয়তে আগবাঢ়িব লাগিব।
উদ্যান শস্য, পশুপালন, মীন পালন, পাম পদ্ধতি আদিৰ সামৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত সামগ্ৰিক পৰ্যালোচনা আগবঢ়াই বিশিষ্ট কৃষি বিজ্ঞানীগৰাকীয়ে কয় যে, কৃষি বুলিলে সামগ্ৰিক ভাৱে সকলো বিলাক থাকিব। পশুপালন বা অন্যান্য বিলাকক আতৰাই ৰাখিব নোৱাৰিম। সৰ্বোচ্চ ফলাফলৰ বাবে সকলোকে সমন্বিত ভাবে জড়িত কৰি আগবাঢ়িব লাগিব।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ভূতপূৰ্ব উপাচাৰ্য ড০ গিৰধাৰী লাল কৌলে অসম কৃষি বিশ্ববিদ্যালয়ত কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি পুনৰ এনে অনুষ্ঠানত আহিবলৈ পোৱাটো স্মৰণীয় মুহূৰ্ত বুলি উল্লেখ কৰে। উপস্থিত আনগৰাকী ভূতপূৰ্ব উপাচাৰ্য প্ৰফেছাৰ অমৰ নাথ মুখোপাধ্যায়ে কৃষি সকলো সংস্কৃতিৰ মূল বুলি উল্লেখ কৰি কয় যে, কৃষিৰ অবিহনে কোনো সংস্কৃতিয়েই নহয়। সেয়ে কৃষিৰ উন্নতিৰ ওপৰতে আমাৰ সামগ্ৰিক উন্নতি নিৰ্ভৰ কৰে।
দেশখনৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰতো কৃষিৰ উন্নতি তথা অগ্ৰগতি নিৰ্ভৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম স্থান লাভ কৰা ৯ নম্বৰ হোষ্টেল, দ্বিতীয় স্থান লাভ কৰা ১১ নম্বৰ হোষ্টেল আৰু তৃতীয় স্থান লাভ কৰা ৫ নম্বৰ হোষ্টেলক পুৰস্কাৰ প্ৰদান কৰা হয়। বিয়লি বিশ্ববিদ্যালয় খেলপথাৰত এখন ফুটবল খেল অনুষ্ঠিত হয় আৰু সন্ধিয়া বিশ্ববিদ্যালয়ৰ চৌহদ আলোকিতকৰণ কৰা হয়।