যোৰহাটত অসম লেখিকা সমাজৰ মাতৃ দিৱস উদযাপন...

যোৰহাটত অসম লেখিকা সমাজৰ মাতৃ দিবস উদযাপন...

author-image
Asomiya Pratidin
New Update
যোৰহাটত অসম লেখিকা সমাজৰ মাতৃ দিৱস উদযাপন...

যোৰহাটত অসম লেখিকা সমাজৰ মাতৃ দিবস উদযাপন...

ডিজিটেল সংবাদ যোৰহাটঃ 'আমাৰ সমাজত এতিয়াও বহু দুশাসন ৰাৱণে দপদপাই আছে। গতিকে এখন সুস্থ-সবল সমাজ গঢ়াৰ স্বাৰ্থত এই দুশাসন-ৰাৱণসকলক আই-মাতৃসকলেই নাশ কৰিব লাগিব।'- এই মন্তব্য অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ।

Advertisment

আজি অসম লেখিকা সমাজৰ উদ্যোগত যোৰহাটত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত আয়োজন কৰা আন্তর্জাতিক মাতৃ দিৱসত অংশগ্ৰহণ কৰি কংগ্ৰেছ সবাপতিগৰাকীয়ে কয়— নাৰী সমাজত নৈতিকতা, মান-মর্যাদা, সংস্কাৰ আদি সকলো ভৰপূৰ। সেয়েহে আমাৰ সমাজখনক শক্তিশালী কৰিবলৈ আই-মাতৃসকলেই গুৰুত্বপূর্ণ ভূমিকা ল'ব লাগিব।

সদ্যঘোষিত কর্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ চমকপ্ৰদ বিজয়ত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰা ভূপেন বৰাই কয়— 'আজি যোৰহাটত অসম লেখিকা সমাজে আয়োজন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোলৈ ম‍ই মোৰ শাহু তথা মাতৃ জ্যোতি বৰগোহাঁইক সংগ দিবৰ বাবেহে আহিছো। এজন জোঁৱাই হিচাপে এগৰাকী মাতৃক জনোৱা সন্মানৰ মুহূৰ্তত আজি অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই মই গৌৰৱান্বিত।

তেওঁ কয়— মোৰ শাহু মোৰ ৰাজনৈতিক জীৱনৰো এগৰাকী নীৰৱ পৰ্যবেক্ষক । মোৰ ৰাজনৈতিক যাত্ৰাত অজানিতে হোৱা ভুল-ত্ৰুটিবোৰ মায়ে আঙুলিয়াই দি সতৰ্ক হোৱাৰ ইংগিত দিয়ে। আৰু মাৰ এই সকলো কথাই মই অনুসৰণ কৰি আহিছো।

উল্লেখ্য যে অসম লেখিকা সমাজে ভূপেন বৰাৰ শাহু তথা ডিব্ৰুগড়ৰ এগৰাকী সুসাহিত্যিক জ্যোতি বৰগোহাঁইক 'স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণী সফল মাতৃ বঁটা প্ৰদান কৰে । মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী তথা সমাজ জীৱনৰ কেইবাগৰাকী বিশিষ্ট মহিলাই প্ৰদান কৰা এই বঁটাত আছে এটা মুকুট, স্মাৰক, কীর্তন পুথি, সম্বর্ধনা পত্র, পাট কাপোৰ।

ডিব্ৰুগড় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমাজকর্মী তথা সাহিত্যিক জ্যোতি বৰগোহাঁয়ে 'অদিতি চলিহাৰ জীৱনগাথা', 'গেজেট আইতাৰ চহৰ দৰ্শন', ‘অসমীয়া ভাষা আৰু সাহিত্য', 'নয়নতৰাৰ ব'হাগ', 'প্ৰবন্ধ প্ৰবাহ', 'বটবৃক্ষৰ তলত’, ‘ভোৰোনাৰ দুজন ভদ্রলোক আদি কেইবাখনো মূল্যৱান গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অসম চৰকাৰে ২০১৮ বৰ্ষত সাহিত্যিক পেন্সনেৰে সন্মানিত কৰিছে। আজি বঁটা গ্ৰহণ কৰি জ্যোতি বৰগোহাঁয়ে কয়, অসম লেখিকা সমাজে আগবঢ়োৱা এই সন্মানে আগত দিনত সমাজৰ হকে কাম কৰি যাবলৈ অধিক প্ৰেৰণা যোগাব।

উক্ত অনুষ্ঠানতে সমাজৰ আন দহগৰাকী মাতৃ ক্ৰমে ববিতা বৰা বৰুৱা, লাৱণ্য বৰুৱা, ৰুণু গগৈ শ‍ইকীয়া, অৰুণিমা বৰা, ডেইজী কলিতা আৰু ইন্দু চেতিয়া বৰগোহাঁইক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত অসম লেখিকা সমাজৰ আন্তর্জাতিক মাতৃ দিৱস উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ ‘স্বর্গাদপী' উন্মোচন কৰে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট আঞ্চলিক কার্যালয়ৰ সঞ্চালক ড° অনিল চন্দ্ৰ বৰাই।

বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অনিল কুমাৰ শ‍ইকীয়াই উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অৰুন্ধতী মহন্তই। তেওঁ ভাষণ প্ৰসংগত কয়, ভগৱান শ্ৰীকৃষ্ণৰ মাতৃয়েই ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মাতৃ । যিগৰাকী মাতৃৰ অষ্টম পুত্ৰ কৃষ্ণই ভাগৱত গীতাৰ যোগেদি সকলো কথাই কৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত নাৰী তথা মাতৃসকলৰ অৱদান ত্যাগৰ উদাহৰণ দাঙি ধৰি তেওঁ কয়— সাম্প্ৰতিক সময়ত অসমৰ প্রত্যেকগৰাকী মাতৃয়েই সামূহিক চিন্তা-চৰ্চাৰে আগুৱাব লাগিব। তেতিয়াহে আমাৰ সমাজখন সকলো দিশতে শক্তিশালী ৰূপত গঢ় লৈ উঠিব।

অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাকজান কলেজৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈ, অসম লেখিকা সমাজৰ উপ-সভাপতি দিলোৱাৰা বেগম আৰু নীলিমা গগৈ, বিশিষ্ট সমাজকর্মী খিজিতদ্দিন আহমেদকে ধৰি ভালেকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে।

ইয়াৰ পিচতে আৰম্ভ হোৱা বিচিত্রানুষ্ঠান 'বহুৰঙী' উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই। আৰম্ভণিতে পুৱা প্ৰতিনিধি পঞ্জীয়ন, বন্তি প্ৰজ্বলন আৰু গছপুলি ৰোপণ কৰা হয়।

অনুষ্ঠানত মুখ্য সহযোগিতা আগবঢ়োৱা পূব যোৰহাট আঞ্চলিক লেখিকা সমাজৰ সভাপতি নির্মালি নেওগ শ‍ইকীয়া, সম্পাদক জুনুমণি গগৈকে ধৰি সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। উল্লেখ্য যে, আজি এই অনুষ্ঠানটো শৃংখলাবদ্ধ আৰু সফল কৰাৰ স্বাৰ্থত যোৰহাট জিলা স্কাউট গাইডৰ টীয়ক ৰজাবাৰী নীলমণি ফুকন বালিকা বিদ্যালয়ৰ গাইড তথা ২৫ জনীয়া শিক্ষাৰ্থীৰ এটা দলে সহযোগিতা আগবঢ়ায়।

এই দলটোক নেতৃত্ব দিয়ে যোৰহাট জিলা স্কাউট গাইডৰ কমিছনাৰ, বিদ্যালয়খনৰ দলটোৰ কেপ্তেইন তথা সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় এৱাৰ্ড 'সুষমা জেউতী' বঁটাপ্ৰাপক স্বর্ণলতা বৰাই।

Also Read: ভাৰত-ভূটান সীমান্ত এলেকাত বনগৰুৰ আতংকঃ গুৰুতৰ ভাৱে আহত দুজন...

অসম লেখিকা সমাজ