যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ,যোৰহাট : সংৰক্ষণ নহ'লে অস্তিত্ব বিপন্ন গতিকে সংৰক্ষণ অতিকে প্ৰয়োজনীয়। আহোম জাতিটোক জীয়াই ৰাখিবলৈ হ'লে, আগুৱাই যাবলৈ হ'লে আহোমৰ জাতীয় সভ্যতা সংৰক্ষণ কৰিবৈ লাগিব বুলি যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি তেওঁৰ ভাষণত কয় সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে।

ইয়াৰোপৰি সভাপতিগৰাকীয়ে দুখেৰে কয় যে, জাতিটোক নেতৃত্বত দিয়া নেতাসকললৈ আহ্বান জনাই কয় যে জাতিটোক নঠগিবা, জাতিটোৰ উন্নতিৰ বাবে চিন্তা কৰিবলৈ। বিদেশীয়ে অসমখনক খাই শেষ কৰিছে আৰু নেতা সকলে মাত্ৰ নিজৰ মুনাফা লাভত দৌৰি আছে।

গতিকে আমাক জনজাতিকৰণ কৰিবলৈ লাগিব, জনজাতিকৰণ আমাৰ অন্যতম দাবী বুলিও কয়। লগতে তেওঁ কয় যে আহোম সকলৰ এটি অন্যতম বৃহৎ অনুষ্ঠান সদৌ অসম আহোম সভা। এই সভা আজি ১৩০ বছৰীয়া হোৱা অনুষ্ঠানটি পদ্মনাথ গোহাঞিবৰুৱাই প্ৰতিষ্ঠা কৰি থৈ আহোম জনগোষ্ঠীৰ জাতিটোক যি মহৎ বৰঙণি আগবঢ়াই গ'ল তাৰবাবে মহান পুৰুষজনৰ চৰণত জাতিটোৱে সদায় চিৰ কৃতজ্ঞ বুলি সদৰি কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।

অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী তাই আহোমসকলৰ এটি অন্যতম অনুষ্ঠান হ'ল সদৌ অসম আহোম সভা। এই আহোম সভাৰে যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশনখনি যোৰহাট নগৰৰ মাজমজিয়াতে থকা তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ জয়া ভৱনত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন হয়।

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়ন, ৮.৩০ বজাত চাহ মেল, ৯ বজাত দেওঘৰত বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে জিলা সভাৰ উপ-সভাপতি জীৱকান্ত আৰন্ধৰাই ইয়াৰ পিছতে সমুহীয়াভাৱে তাই প্ৰাৰ্থনা 'আই চিং লাও' পৰিৱেশন হয়। পুৱা ৯.৩০ বজাত সভাৰ পতাকা উত্তোলন কৰে জিলা সভাৰ সভাপতি পুলিন ফুকনে।

পুৱা ১১ বজাত জয়া ৰমণী চ'ৰাৰ সদস্যাসকলৰ দ্বাৰা তাই প্ৰাৰ্থনা আই চিং লাও পৰিৱেশনৰ পাছতে অনুষ্ঠিত স্মৃতি তৰ্পণ অনুষ্ঠানত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জিলা আহোম সভাৰ সভাপতি পুলিন ফুকনে আৰু সদৌ অসম আহোম সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে।

ইয়াৰ লগে লগে আৰম্ভ হোৱাৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভাখনৰ সভাপতিত্ব কৰে যোৰহাট জিলা আহোম সভাৰ সভাপতি পুলিন ফুকনে। জিলা আহোম সভাৰ সাধাৰণ সম্পাদক ঘণশ্যাম গগৈয়ে উদ্দেশ্য ব্যাখ্যা, সদস্য-সদস্যাসকলৰ চিনাকি পৰ্ব আৰু বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠৰ পাছতে অনুষ্ঠিত হয় আঞ্চলিক সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু প্ৰস্তাৱ দাখিল।

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত হৈ সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে জনজাতিকৰণ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে সদৌ অসম আহোম সভাৰ উপ-সভাপতিদ্বয় জ্যোতিপ্ৰসাদ গগৈ বুঢ়াগোহাঁই আৰু শশাংক নেওগ, সহ সম্পদক দুৰ্লভ গগৈ, শিৱসাগৰ জিলা আহোম সভাৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰ, আগন্তুক সদৌ অসম আহোম সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন উদযাপন সমিতিৰ সভাপতি ড০ বিমলা প্ৰসাদ বৰুৱা, তাইচাবৰ সভাপতি অবনি কুমাৰ চেতিয়াৰ প্ৰমুখে বহুকেইজ বিষয়ববীয়া উপস্থিত থাকে।

সভাখনিতে আগন্তুক তিনিটা বৰ্ষৰ বাবে পূৰ্বৰ সমিতিৰ সভাপতি পুলিন ফুকনক সভাপতি আৰু ঘণশ্যাম গগৈক সাধাৰণ সম্পাদক, কোষাধ্যক্ষ দিব্যধৰ চেতিয়াকে প্ৰমুখ কৰি চল্লিশজনীয়া যোৰহাট জিলা আহোম সভা সমিতিখনি গঠন হয়। আজিৰ সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই পাৰ্থ দুৱৰাই।

যোৰহাট জিলা আহোম সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
বঢ়মপুৰ সমষ্টিত বিজেপিৰ উন্নয়নৰ আলোড়িত সভাক সমালোচনা জাতীয় যুৱ বাহিনীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in