/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f8a2b228-940e-44d0-b2a1-02befce3f8e5/i.jpg)
অসম কৃষি বিশ্ববিদ্যালয়ৰ সতীৰ্থ সন্মিলন
ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সতীৰ্থ সন্মিলন। অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই।
মন্ত্ৰী বৰাই মুখ্য অতিথিৰ ভাষণত এনেদৰে কয় "নতুন জ্ঞান আৰু ধাৰণাৰ জৰিয়তে কৃষিৰ দিশত প্ৰকৃতিৰ ৰত্ন উদঘটন কৰি বহনশীল গ্ৰাম্য অৰ্থনীতিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব । আমাৰ অসমখনক দেশৰ উন্নত ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ কৃষিৰ দিশত আন্তঃগাথঁনি উন্নয়নৰ জৰিয়তে আগুৱাই যোৱাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/84c9bee9-406c-47a5-b403-7573a5b77b0f/accf9808_7162_42cb_ad29_30735465c19a.jpg)
বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী বৰাই জ্ঞান সকলোৰে উৰ্দ্ধত বুলি উল্লেখ কৰি কয় যে অসম কৃষি বিশ্ববিদ্যালয় মানৱ সম্পদ গঢ়া জনমুখী প্ৰতিষ্ঠান । আন বিশ্ববিদ্যালয়ৰ দৰে কেৱল ছাত্ৰ- ছাত্ৰীৰ মাজত আবদ্ধ হৈ থকা অনুষ্ঠান নহয়।
যুৱপ্ৰজন্ম,কৃষক,উদ্যোগী সকলোকে লগত লৈ আগবাঢ়ি যোৱা অনুষ্ঠান । এই দিশত আৰু অলপ আগুৱাই বিশ্ববিদ্যালয়ে কৃষি উদ্যোগী গঢ়াৰ দিশত যি পদক্ষেপ লৈছে সেয়া প্ৰসংসনীয় । কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে সদৰি কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত কি নতুন চিন্তাধাৰাৰে আগবঢ়াই নিলে কৃষিত পৰিবৰ্তন আহিব সেয়া চিন্তা কৰিব লাগিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d96e38e3-afbb-4b4a-84d6-11e97c4993d0/a679a1ae_9398_4030_867f_6bab78ca76c5.jpg)
একেসময়তে কৃষিৰ আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে বেংক ঋণ আদিৰ দিশত বেংক সমূহৰো বহু কৰণীয় আছে বুলি কয় । পঢ়ি যোৱা শিক্ষানুষ্ঠানৰ স্মৃতি সদায় মনত কঢ়িয়াই লৈ ফুৰাৰ আবেগিক সম্পৰ্কৰে সকলো নষ্টালজিক হৈ পৰে বুলিও ভাষণত উল্লেখ কৰে।
যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে আয়োজিত এই সন্মিলনখন উদ্ধোধন কৰি উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই কয় যে যিসকল শিক্ষগুৰুৰ কষ্ট আৰু ত্যাগৰ ফলত বিশ্ববিদ্যালয় আজিৰ অৱস্থাত উপনীত হৈছে সেই সকলক আজি স্মৰণ কৰিছো। সেইসকলে গঢ়ি থৈ যোৱা ভেটিত ৰৈয়ে আজি সম্ভৱত অসম কৃষি বিশ্ববিদ্যালয়ত এনে কিছুমান পদক্ষেপ হাতত লোৱা হৈছে যি দেশৰ কৃষি মহাবিদ্যালয় সমূহৰ ভিতৰতে প্ৰথম ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e8305b6a-cb11-4d34-bd2c-0547d1b40ff6/e80124b4_157f_48b8_8861_1b6865431409.jpg)
এই সোঁৱৰণী আৰু শিক্ষাৰ্থী জীৱনৰ মধুৰক্ষণ পুনৰ ৰোমন্থন কৰিবলৈ দেশ বিদেশৰ পৰা আহি উপস্থিত হোৱা সতীৰ্থসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰসংগক্ৰমে সতীৰ্থ সকলৰ জৰিয়তে এটা " সতীৰ্থ পুজি" গঠনৰ বাবে পদক্ষেপ হাতত ল'বলৈ আহ্বান জনায়।
কৃষি মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সভাখনত আদৰণি ভাষণত কৃষি বিজ্ঞানগুৰু তথা সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ সভাপতি ড০ জয়ন্ত ডেকাই কৃষি মহাবিদ্যালয়ৰ সতীৰ্থসকলৰ স্মৰণ কৰি মহাবিদ্যালয়ৰ উত্তৰণৰ দিশৰ ৰোমন্থন কৰে।
দেশ, ৰাজ্য তথা বিদেশত কৃতিত্ব কঢ়িয়াই বহুজনে কৃষি মহাবিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰা বুলি প্ৰকাশ কৰে। সহযোগী অধ্যাপিকা ড০ প্ৰিয়দৰ্শিনী ভৰালীয়ে আঁত ধৰা সভাখনিত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আৰু মুৰব্বী অধ্যাপক তথা সতীৰ্থ সন্মিলনৰ উদযাপন সমিতিৰ সম্পাদক ড০ কল্যাণ পাঠকেও বক্তব্য আগবঢ়ায়।
আনহাতে শনিবাৰে পুৱা সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ড০ জয়ন্ত ডেকাই আৰু মহাৰজত জয়ন্তী উপলক্ষে ৭৫ খন পতাকা উত্তোলন কৰে প্ৰত্যেক বৰ্ষৰ এজনকৈ শিক্ষাৰ্থীয়ে ।
ইয়াৰ পাছতে সতীৰ্থ শিক্ষাৰ্থীসকলৰ সমাবেশেৰে এক শোভাযাত্ৰা উলিওৱা হয়। বিয়লি অন্তৰংগ আলাপ আৰু মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়। নিশা সতীৰ্থসকলৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8ecc52a3-91c3-4d88-8fb5-7bef221e2388/fee80034_cc82_4ef4_a0b5_1e8f44101f73.jpg)
আৰু পঢ়কঃ দিল্লী, পঞ্জাৱৰ বিদ্যালয়ক বিশ্বৰ শ্ৰেষ্ঠ ৰূপে গঢ় দিম : অৰৱিন্দ কেজৰিৱাল