মণিকাঞ্চন সমন্বয় ক্ষেত্ৰৰ সদৌ অসম ভাওনা প্ৰতিযোগিতাত লোকে লোকাৰণ্য পৰিবেশ...

স্মৃতিগ্ৰন্থ মুক্তি মঙ্গল উন্মোচন

author-image
Asomiya Pratidin
New Update
মণিকাঞ্চন সমন্বয় ক্ষেত্ৰৰ সদৌ অসম ভাওনা প্ৰতিযোগিতাত লোকে লোকাৰণ্য পৰিবেশ...

মণিকাঞ্চন সমন্বয় ক্ষেত্ৰৰ সদৌ অসম ভাওনা প্ৰতিযোগিতাত লোকে লোকাৰণ্য পৰিবেশ...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ বেকাজানত মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত ১৮ মাৰ্চ পৰা ২২ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনাৰ সন্ধিয়া ভাওনা প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি ভাস্কৰ বৰচেতিয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'মুক্তি মঙ্গল' উন্মোচন কৰা হয়।

Advertisment

এই উপলক্ষে সন্ধিয়া ভাওনা মঞ্চত যুৱ সমাজকৰ্মী চত্ৰজিত যাদৱে আঁত ধৰা অনুষ্ঠানত 'মুক্তি মঙ্গল' স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্য তথা সাহিত্য পেঞ্চনাৰ তিলো সোণাৱালে। ভাষণত তেওঁ শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু সৃষ্টি কৰা বুলি মন্তব্য কৰে।

তেওঁ লগতে আজি দ্বিতীয় দিনা মণিকূট নাট্যগোষ্ঠীৰ দস্যু ৰত্নাকৰ মুক্তি লাভ ভাওনা উদ্বোধন কৰে। স্মৃতিগ্ৰন্থ আৰু ভাওনা উদ্বোধন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বেকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধীন্দ্ৰনাথ বৰচেতিয়া, সাংবাদিক মণ্টুচ্ কোঁৱৰ, ভাওনা শিল্পী কৃষ্ণপদ কলিতা, ঠেঙাল স্বায়ত্ত পৰিষদৰ সদস্য বিপুল কছাৰী, মুনমী লালিমে আৰু গোপাল কছাৰীয়ে।

উল্লেখযোগ্য যে, কালিৰে পৰা বৰহোলাৰ বেকাজানৰ এশঘৰীয়া ন-জানখনাৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাত অগণন ৰাইজৰ উপস্থিতিত এক উদুলি-মুদুলি পৰিৱেশ সৃষ্টি হৈছে।

আজি সদৌ অসম ভাওনা প্ৰতিযোগিতাত সন্ধিয়া ৫ বজাত প্ৰথম ভাগ নাট গোলাঘাট জিলাৰ তৰাণিৰ মণিকূট নাট্যগোষ্ঠীৰ দস্যু ৰত্নাকৰ মুক্তি লাভ আৰু নিশা ৯.৩০ বজাৰ পৰা দ্বিতীয় ভাগ নাট গুণমণি শিল্পী সমাজৰ দ্বাৰা 'শৰ্যাতিৰ যজ্ঞ আয়োজন, দেবেন্দ্ৰৰ দৰ্পহৰণ' পৰিবেশন কৰে।

Also Read: 'বিদেশী ছোৱালী বিয়া পতা গৌৰৱে কি বুজিব অসমৰ সভ্যতা, সংস্কৃতি?'- জয়ন্ত মল্ল বৰুৱা...

বেকাজান সদৌ অসম ভাওনা প্ৰতিযোগিতা