ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমৰ অবিনাশ দাসৰ সোণৰ পদক অৰ্জন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমৰ অবিনাশ দাসৰ সোণৰ পদক অৰ্জন

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত অসমৰ অবিনাশ দাসৰ সোণৰ পদক অৰ্জন

ডিজিটেল সংবাদ, যোৰহাট: চলিত বৰ্ষতে ৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰঞ্জৰ পাছত সোমবাৰে পুনৰ সোণৰ পদকেৰে উজ্বলিবলৈ সক্ষম হৈছে যোৰহাটৰ উদীয়মান বক্সিং খেলুৱৈ অবিনাশ দাস। ২ নৱেম্বৰৰ পৰা ৬নৱেম্বৰলৈ আগ্ৰাত অনুষ্ঠিত "কেন্দ্ৰীয় বিদ্যালয় ৰাষ্ট্ৰীয় স্প'ৰ্টছ মিট ২০২৩" প্ৰতিযোগিতাত বক্সিঙৰ ৫৪ কেজি শাখাত যোগদান কৰি অবিনাশ দাসে উত্তৰ প্ৰদেশৰ এক শক্তিশালী বক্সাৰক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰি যোৰহাটৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Advertisment

উল্লেখযোগ্য যে, যোৰহাটৰ উদীয়মান বক্সিং খেলুৱৈ অবিনাশ দাসে চলিত বৰ্ষৰ জুলাই মাহত অৰুণাচল প্ৰদেশত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ ২০২৩ত অসম দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। উক্ত প্ৰতিযোগিতাখনত অসমলৈ একমাত্ৰ পদক অৰ্জনকাৰী অবিনাশ যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী।

ইফালে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হোৱা অবিনাশে পুনৰ আগ্ৰাৰ পৰা পোনে পোনে মঙলবাৰৰ পৰা ১০ নৱেম্বৰলৈকে ৰটকত অনুষ্ঠিত হ'ব লগা জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলৰ বাচনি শিবিৰত অংশগ্ৰহণৰ বাবে যাত্ৰা কৰিব। খেলুৱৈজনৰ এনে সফলতাত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ লগতে বক্সিঙৰ অনুৰাগীসকলে আন্তৰিক শুভেচ্ছা জনাইছে।

Also Read: নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'নেলীৰ কথা'

national boxing championship