একেটা বাসগৃত উদ্ধাৰ ভালেসংখ্যক বিষাক্ত সাপ

একেটা বাসগৃত উদ্ধাৰ ভালেসংখ্যক বিষাক্ত সাপ

author-image
Asomiya Pratidin
New Update
একেটা বাসগৃত উদ্ধাৰ ভালেসংখ্যক বিষাক্ত সাপ

ডিজিটেল সংবাদ,মৰিয়নি : মৰিয়নিৰ হাতীজুৰি চাহ বাগিছাৰ এটা পৰিয়াল বিগত কেইবামাহ ধৰি অৰ্ধশতাধিক বিষাক্ত সাপৰ সৈতে সহৱস্থান কৰা ঘটনাই শিহৰিত কৰি তুলিছে সকলোকে। বাগিছাখনৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহত এই শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে।

Advertisment

বিগত কিছুদিন ধৰি এডাল প্ৰকাণ্ড চকৰী ফেটী সাপ বাসগৃহত বিচৰণ কৰা পৰিয়ালটোৱে প্ৰত্যক্ষ কৰিছিল। পৰিয়ালটোৱে সাপ ডাল ঘৰৰ পৰা বাহিৰলৈ বাৰে বাৰে উলিয়াই পঠিয়াই যদিও পুনৰ সাপডাল বাসগৃহত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটীৰ তলৰ গাঁতত আশ্ৰয় লোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে শুকুৰবাৰৰ পৰা বাসগৃহৰ উক্ত কোঠাটোত সাপৰ কেইবাটাও পোৱালী উদ্ধাৰ হোৱাত পৰিয়ালটো অধিক আতংকিত হৈ পৰে। আতংকিত পৰিয়ালটোৱে সৰ্প বিশেষজ্ঞ অনিল তাছাক এই সন্দৰ্ভত অৱগত কৰে।

সৰ্প বিশেষজ্ঞ অনিল তাছা ব্যক্তিগৰাকীৰ বাসগৃহত উপস্থিত হৈ উক্ত কোঠাটোৰ পৰা সৰু-বৰ ৩০টাৰো অধিক চকৰী ফেটী সাপৰ পোৱালী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।কোঠাটোৰ মাটী খান্দি দিয়াত সাপৰ এক আৱাসস্থল অৱিস্কাৰ হয়।

বৃহৎ সংখ্যক সাপ উদ্ধাৰ হোৱা পাছতহে পৰিয়ালটো আতংকিত হৈ পৰে। বৰ্তমান সাপসমূহ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি গিৱন অভয়াৰণ্যত মুকলি কৰি দিয়া হ’ব বুলি সৰ্প বিশেজ্ঞ অনিল তাছাই জানিবলৈ দিয়ে।

Also Read: উত্তৰ কমলাবাৰী শাখা সত্ৰৰ বেল নামঘৰত থাপনি পতা পৰম্পৰা পালন

snakes mariyani