/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c3167448-8969-4761-8f06-fdf5561db6b9/z2.jpg)
ডিজিটেল সংবাদ, তিতাবৰ: ৰাজ্যত প্ৰতিদিনে উদ্বেগ জনক ভাৱে বৃদ্ধি পাইছে মহিলা সন্ধানহীন হোৱাৰ ঘটনা। তিতাবৰৰ মাধপুৰত বেংকলৈ বুলি ওলাই গৈ ৬ বছৰীয়া পুত্ৰসহ ৩দিনে সন্ধানহীন হৈ আছে এগৰাকী মহিলা। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
জানিব পৰা মতে, সন্ধানহীন মহিলাগৰাকীৰ নাম মাইনা চুতীয়া। পুত্ৰক লগত লৈ মাধপুৰৰ বেংকলৈ গৈ ৩দিনে ঘূৰি নহাত বৰ্তমান পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মাইনা চুতীয়াৰ এজনী ১২ বছৰীয়া কন্যা সন্তানো আছে।
ইতিমধ্যে মাধপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানেও মাইনা চুতীয়া আৰু তেওঁৰ পুত্ৰৰ কোনো খবৰ লাভ কৰা নাই আৰক্ষীৰ লোকে। ৬ বছৰীয়া পুত্ৰসহ মহিলাগৰাকীৰ নিৰুদ্দেশৰ ঘটনাই এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে পৰিয়ালটোৰ মাজত।
Also Read: ঢকুৱাখনাত বিশেষভাৱে সক্ষম ব্যক্তিৰ ৰহস্যজনক মৃত্যু!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us