আজিৰে পৰা আৰম্ভ তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩...

আজিৰে পৰা আৰম্ভ তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩...
আজিৰে পৰা আৰম্ভ তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩...

ডিজিটেল সংবাদ যোৰহাটঃ অসম অলিম্পিক সন্থাৰ অনুমোদিত যোৰহাট জিলা কাৰাটে সন্থাৰ উদ্যোগত অসম ৰাজ্যিক কাৰাটে সন্থাৰ সহযোগত আয়োজিত "তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩" প্ৰতিযোগিতাখন যোৰহাট ষ্টেডিয়াম প্ৰাংগনত দুদিনীয়াকৈ আজিৰ পৰা আৰম্ভ হৈছে। যোৰহাট কাৰাটে সন্থাৰ অন্তৰ্গত ২৪ টা ক্লাবৰ পৰা ৫৩৩ জনকৈ কাৰাটে খেলুৱৈয়ে যোগদান কৰা প্ৰতিযোগিতাখন আজি পুৱা ৮ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে যোৰহাট জিলা কাৰাটে সন্থাৰ উপ-সভাপতি বিজয় বৰাই।

লগতে প্ৰতিযোগিখনৰ আজিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰা, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই, আজুৰ যোৰহাট জিলাৰ সভাপতি যোগেশ ওজাৰ উপৰিও কেইবাজনো ক্ৰীড়া সংগঠক।

আজি পতাকা উত্তোলনৰ পাছতে আৰম্ভ হোৱা ৭ বছৰ অনুৰ্ধ্ব পৰা ১২ বছৰ অনুৰ্ধ্ব ল'ৰা-ছোৱালী উভয় শাখাৰ কাটা আৰু কুমিটে দুইটা বিভাগৰ খেলসমূহ নিয়মীয়াকৈ চলি আছে। প্ৰতিযোগিতাখনৰ কাৰ্যসূচী অনুসৰি কাইলৈ ১৩ বছৰ অনুৰ্ধ্বৰ পৰা ছিনিয়ৰ শাখালৈকে হ'বলগীয়া খেলসমূহ অনুষ্ঠিত হ'ব আৰু বিয়লি ৩ বজাত প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানটি অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জনাইছে।

সেয়েহে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাৰে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত কামনা কৰিছে যোৰহাট জিলা কাৰাটে সন্থাৰ সভাপতি জুল খাউণ্ড আৰু সম্পাদক ৰবীন শইকীয়াই।

আজিৰে পৰা আৰম্ভ তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩...
স্বয়ম্ভু পশু চিকিৎসকৰ কাণ্ডঃ কেচি-কটাৰী লৈ কৰি গৈছে পশুধনৰ অস্ত্ৰোপ্ৰচাৰ, বন্ধ্যাকৰণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in