/asomiyapratidin/media/media_files/2025/03/13/qdz83JTNXZcSpg8n0DID.jpg)
ডিজিটেল সংবাদ বেকাজানঃ অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ঠেঙাল কছাৰী স্বয়ত্ব শাসিত পৰিষদ,ভাৰতীয় চলচ্চিত্ৰ মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ সহযোগত ১৪ মাৰ্চ, শুকুৰবাৰৰ পৰা তিতাবৰত অনুষ্ঠিত হ'ব দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ।
তিতাবৰৰ ধলি কৃষ্ণচূড়া উদ্যানৰ সন্মুখৰ পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা চলচ্চিত্ৰ সমাৰোহৰ মূল মঞ্চ, নাট্য ঘৰ অতিথিশালা নৰাখেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে জয়মতী আৰু ফিৰিঙতি নামৰ ছবি গৃহ । চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতত বিভিন্ন বঁটাৰে সমাদৃত হোৱা দেশী বিদেশী ১৭ খনকৈ পূৰ্ণ দৈৰ্ঘ্য আৰু ১২ খন চুটি ছবি প্ৰদৰ্শিত হ'ব ।
আজি এক সংবাদ মেলত উদ্যোক্তা সমিতিৰ সাধাৰণ সম্পাদক তথা অসম চলচ্চিত্ৰ সমাজৰ সাধাৰণ সম্পাদক জয়ন্ত মাধৱ দত্তই উদ্বোধনী কাৰ্যসূচীত ৰীমা বৰাৰ ৰাষ্ট্ৰীয় বঁটাৰে সমাদৃত "অনুনাদ" ছবিৰে চলচ্চিত্ৰসমূহ প্ৰদৰ্শন হ'ব বুলি উল্লেখ কৰি সম্পূৰ্ণ গ্ৰাম্য পৰিবেশত হ'বলগা কাৰ্যসূচীত তিনিখন বিশেষ কৰ্মশালা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে।
১৪ মাৰ্চত পুৱা চাৰে এঘাৰ বজাৰ পৰা আঢ়ৈ বজালৈ চাউণ্ড ডিজাইনিং বিষয়ত অনুষ্ঠিত হ'ব লগা কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতমে সমলব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ১৫ মাৰ্চত ইডিটিং আৰু ১৬ মাৰ্চত চলচ্চিত্ৰ সমালোচনা বিষয়ত কৰ্মশালা অনুষ্ঠিত হ'ব।
উক্ত দুই দিনৰ কৰ্মশালাত সৌৰভ দত্ত আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে সমলব্যক্তি ৰূপে অংশগ্ৰহণ কৰিব। তিনিওখন কৰ্মশালা ঠেঙাল কছাৰী সংগ্ৰাহলয়ত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি সদৰী কৰি সম্পাদক দত্তই ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ৰীমা বৰা, মঞ্জুল বৰাই অংশগ্ৰহণ নিশ্চিত কৰা বুলি সদৰী কৰে।
উত্তৰ পূৰ্বাঞ্চলৰ বৰেণ্য চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, চলচ্চিত্ৰ সমালোচক তথা নিৰ্মাতা মনোজ বৰপূজাৰী, ভাৰতীয় চলচ্চিত্ৰ মহাসংঘৰ সচিব প্ৰেমেন্দ্ৰ মজুমদাৰ, চলচ্চিত্ৰ নিৰ্মাতা অশোক ৰানেৰ লগতে কেইবাগৰাকী বিশিষ্ট অভিনেতা, পৰিচালকে বিশেষ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগীয়া মহোৎসৱত জাতি জনজাতিসমূহৰ কৃষ্টি-সংস্কৃতিৰ সমল উপলব্ধ কৰি বৃহৎ মেলা অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us