বজাৰলৈ বুলি ওলাই গৈছিল! মহানগৰীত নিৰুদ্দেশ হোৱা মাতৃক বিচাৰি চিন্তিত পুত্ৰ

মহানগৰীৰ ভাড়াঘৰৰ পৰা সন্ধানহীন যোৰহাটৰ এগৰাকী মহিলা।

author-image
Asomiya Pratidin
New Update
বজাৰলৈ বুলি ওলাই গৈছিল! মহানগৰীত নিৰুদ্দেশ হোৱা মাতৃক বিচাৰি চিন্তিত পুত্ৰ

ডিজিটেল ডেস্ক: মহানগৰীৰ ভাড়াঘৰৰ পৰা সন্ধানহীন যোৰহাটৰ এগৰাকী মহিলা। ঘটনাৰ বিৱৰণী অনুসৰি মহিলা গৰাকী কেইদিনমান পূৰ্বে পুত্ৰৰ লগত থাকিবলৈ গুৱাহাটীলৈ আহিছিল।

মহিলা গৰাকীৰ পুত্ৰ ধীৰাজ বৰা কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ। বৃহস্পতিবাৰে ধীৰাজ ক্লাছলৈ যোৱাৰ সময়ত অনিল নগৰৰ ভাড়াঘৰৰ পৰা বজাৰলৈ বুলি ওলাই গৈছিল মহিলা গৰাকী।

মহিলা গৰাকীয়ে সেই সময়ত মোবাইল ফোনো নিয়া নাছিল। তাৰ পাছৰ পৰাই সন্ধানহীন হয় মহিলা গৰাকী। ইতিমধ্যে মহিলা গৰাকীৰ পুত্ৰই ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছে।

বৰ্তমান পৰ্যন্ত মহিলা গৰাকীৰ কোনো ধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। কোনোৱে মহিলা গৰাকীক প্ৰত্যক্ষ কৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পুত্ৰই- ৮০১১৭২২৭১৩

assam missing guwahati Assam police