যোৰহাটত “ত্ৰিৰংগা বিপনী কেন্দ্ৰ” উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

যোৰহাটত “ত্ৰিৰংগা বিপনী কেন্দ্ৰ” উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

author-image
asomiyapratidin
New Update
যোৰহাটত “ত্ৰিৰংগা বিপনী কেন্দ্ৰ” উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ…

ডিজিটেল ডেস্ক : ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি চৰকাৰে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰিছিল। সেই কাৰ্যসূচীৰ লগত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীও ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলায়। তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰন্তত পতাকা বনোৱা উদ্যোগ গঢ়ি তোলা হৈছে।

শুকুবাৰে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ত্ৰিৰংগা বিপনী কেন্দ্ৰ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা সভাপতি হেমন্ত কলিত, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে।

উল্লেখ্য যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ উদযাপন কৰা হব স্বাধীনতা দিৱস। ঘৰে ঘৰে ত্ৰিৰংগা লগোৱাৰ লগতে কাৰ্যালয়, দোকান, বজাৰ, গাড়ী আদি সকলোতে পতাকা লগাবৰ বাবে আহ্বান চৰকাৰৰ।  

আৰু পঢ়ক : বিজয় চ'কৰ পৰা ৰাহুল গান্ধীক আটক…

assam pijyush hazarika himanta biswa sarma bjp