৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব আঞ্চলিক কৃষি মেলা ২০২২

৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব আঞ্চলিক কৃষি মেলা ২০২২

author-image
asomiyapratidin
New Update
৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব আঞ্চলিক কৃষি মেলা ২০২২

ডিজিটেল সংবাদ, যোৰহাট: উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আঞ্চলিক কৃষি মেলা ২০২২ তিনিদিনীয়া কাৰ্যসূচীৰে ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব । উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগতে ছিকিমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া এই মেলাত কৃষক, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীয়ে অংশ গ্ৰহণ কৰিব ।

Advertisment

১২ মাৰ্চৰ দিনৰ ১১ বজাত এই মেলা মুকলি কৰিব অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ , নাবাৰ্ডৰ চেয়াৰমেন ড° জি আৰ চিন্টালা আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অতিৰিক্ত আয়ুক্ত ড° ৱাই আৰ মিনাই অংশগ্ৰহণ কৰিব।

এক বিবৃতিৰ জৰিয়তে এই মেলা আয়োজক সমিতিৰ সচিব তথা বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে কয় যে এই মেলাত লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল , বৰাপানীস্থ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূৱ পাৰ্বত্য কেন্দ্ৰ ,আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ,ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক উদ্যান শস্য বিভাগ, কেন্দ্ৰীয় এৰি মুগা গৱেষণা প্ৰতিষ্ঠান, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ , বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আৰু উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে ৰাজ্যখনৰ আগশাৰীৰ নাৰ্চাৰী সমুহেও অংশগ্ৰহণ কৰিব ।

এই প্ৰদৰ্শনীত শস্য আৰু শস্য উৎপাদন, কৃষি ভিত্তিক মুল্য সংযোজিত আৰু সংসাধন সামগ্ৰী, পৰম্পৰাগত সম্পদৰ অনুশীলন, পশুপালন আৰু মীনপালন তথা কৃষি যান্ত্ৰিকীকৰণ আদি ক্ষেত্ৰই অংশগ্ৰহণ কৰিব ।তিনিদিনীয়া এই মেলাৰ লগত সংগতি ৰাখি কৃষি উদ্যোগী সমাবেশ, কৃষক প্ৰশিক্ষণ,কৃষক ফৰাম,কৃষক বিজ্ঞানীৰ মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।এই মেলাত অসমৰ ২৩ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে অন্যান্য ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্ৰসমুহেও অংশ গ্ৰহণ কৰিব ।

assam ATUL BORA jorhat