দিচৈ ভেলি বনাঞ্চলত নগাৰ বেদখল চাবলৈ গৈ আদবাটৰ পৰাই উভতিল যোৰহাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক…

দিচৈ ভেলি বনাঞ্চলত নগাৰ বেদখল চাবলৈ গৈ পাহাৰিয়া ওখোৰা মোখোৰা পথৰ বাবে আধা বাটৰ পৰাই উভতে যোৰহাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক...

author-image
asomiyapratidin
New Update
দিচৈ ভেলি বনাঞ্চলত নগাৰ বেদখল চাবলৈ গৈ আদবাটৰ পৰাই উভতিল যোৰহাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক…

ডিজিটেল সংবাদ, মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নীৰ অসম নাগালেণ্ডৰ সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নগাৰ বেদখল। অসম চৰকাৰৰ সোপাঢিলা সীমান্ত নীতি আৰু বন বিভাগৰ অৰ্কমন্যতাৰ বাবে বনাঞ্চল খনত ইখনৰ পিছত সিখনকৈ গাওঁ স্থাপন কৰিছে নগাই। সীমান্তৰ ইচেক্টৰৰ দিচৈ ভেলি বনাঞ্চলত শেহতীয়াকৈ নগাই জে চি বি লগাই বাট পথ নিৰ্মান কৰি গাওঁ স্থাপনৰ যো-জা চলোৱাৰ বিষয়ে ২৫ মে'ত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল। কিন্তু বাতৰি প্ৰকাশ হোৱাৰ পিছতে বন বিভাগৰ লোক আৰু অসম বেটেলিয়ান জোৱানে কিছু গছ পুলি নষ্ট কৰি দায়ত্ব সামৰে।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক…

ইফালে বুধ বাৰে যোৰহাট জিলাৰ নব নিযুক্ত আৰক্ষী অধীক্ষক অংকুৰ জৈনে বৃহৎ আৰক্ষী বাহিনী সহ উপস্থিত হয় নিউ সোণোৱালত। আৰক্ষী অধীক্ষক গৰাকীয়ে দিচৈ ভেলিত নগাৰ বে দখল প্ৰত্যক্ষ কৰাৰ বাবে সদল বলে আগবাঢ়ে যদিও পাহাৰিয়া ওখোৰা মোখোৰা পথৰ বাবে আধা বাটৰ পৰাই উভতে আৰক্ষী অধীক্ষক সহ অসম আৰক্ষীৰ দলটো।

নিউ সোণোৱালৰ পৰা উভতি আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হয় নাগাজংকাৰ সমীপৰ দিচৈ ভেলি বনাঞ্চলত অসম আৰক্ষীৰ শিবিৰত। আৰক্ষী অধীক্ষক গৰাকীৰ লগতে প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক যুৱৰাজ সিং সহকাৰি আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী তিতাবৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস মৰিয়নি আৰক্ষী চক্ৰ পৰিদৰ্শক ভূবন পেগু মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদুৎ দত্ত আৰু তিতাবৰৰ কাৰ্য্যবাহি দণ্ডাধীশ বিস্বজিৎ বৰা উপস্থিত থাকে। 

অসম আৰক্ষীৰ শিবিৰটো প্ৰত্যক্ষ কৰি নব নিযুক্ত আৰক্ষী অধীক্ষক গৰাকিয়ে আৰক্ষীৰ জোৱান সকলৰ লগত মতবিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লৈ সমস্যা সমূহ ক্ৰমন্বয়ে সমাধান কৰা হ'ব বুলি জনায়। দিচৈ ভেলিৰ পৰা আৰক্ষী অধীক্ষক সহ দলটো অসমৰ প্ৰকৃত সীমা লুংথু অসম বেটেলিয়ানৰ শিবিৰত পৰিদৰ্শন কৰে।