/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8a968732-3751-4500-a69b-29e0c58e2f02/golaghat.jpg)
jorhat ajanta neog
ডিজিটেল ডেস্ক : যোৰহাটত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ তথা যেৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে দেওবাৰে যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত আনুষ্ঠানিকভাৱে যোৰহাট জিলাৰ নৱনিযুক্ত গাওঁ প্ৰধানসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে ৷
মন্ত্ৰী গৰাকীয়ে মুঠ ৪০ গৰাকী গাঁও প্ৰধানক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷ জিলাখনৰ পাঁচটা ৰাজহ চক্ৰত মুঠ ৮৮ জন গাঁও প্ৰধানে নিযুক্তি লাভ কৰিছে ৷
উক্ত অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁৱৰ বিধায়ক ভৱেন ভঁৰালী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত (ৰাজহ) প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।