যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন..

যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন..

author-image
asomiyapratidin
New Update
যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন..

ডিজিটেল সংবাদ যোৰহাটঃ এক সুচিন্তিত পৰিকল্পনাৰেই ফলশ্ৰুতি আমাৰ অসম কৃষি মহাবিদ্যালয় । সেই সময়ত কৰা যথোচিত পৰিকল্পনাৰ বাবেই কৃষি মহাবিদ্যালয় আজিৰ অৱস্থাত উপনীত হৈছে । কিয়নো সফলতাৰ বাবে পৰিকল্পনাৰ অতি প্ৰয়োজন । পৰিকল্পনা অবিহনে একোৱেই সম্ভৱ নহয় ।সেয়ে যথোচিত পৰিকল্পনা কৰি আমি আগুৱাব লাগিব । যোৰহাট কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কোভিড প্ৰট'কল মানি আয়োজিত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই এই মত ব্যক্ত কৰে । অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰি উপাচাৰ্য গৰাকীয়ে কয় যে তেখেতসকলৰ অৱদান আৰু ত্যাগৰ বাবে আমি আজি এই অৱস্থাত উপনীত হৈছো ।

Advertisment

অসমৰ উপৰিও দেশৰ কৃষি তথা গ্ৰাম্য উন্নয়নৰ দিশত কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি কৃষি মহাবিদ্যালয়ৰ আৰম্ভনিৰ পৰা বৰ্তমানৰ বিশ্ববিদ্যালয়লৈকে সম্পূৰ্ণ পৰিক্ৰমা সামৰি বিগত সময়ৰ ঐতিহাসিক মুহুৰ্ত সজীৱ কৰি ৰাখিবলৈ এটা ঐতিহাসিক ফটো গেলাৰী আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে । তদুপৰি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সকলৰ স্মৃতি সুঁৱৰি ভৱিষ্যত প্ৰজন্মই স্মৃতি অনুধাৱন কৰিব পৰাকৈ এটা এলুমনি প্ৰেক্ষাগৃহ নিৰ্মাণৰ দিশতো বিশেষ পৰিকল্পনা কৰা বুলি উল্লেখ কৰে।

প্ৰসংগক্ৰমে তেখেতে অসম কৃষি বিশ্ববিদ্যালয়ৰ মিউজিয়ামৰো উন্নয়নৰ বাবে যথোচিত পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে । ভাষণ প্ৰসংগতে উপাচাৰ্য গৰাকীয়ে কৃষি মহাবিদ্যালয়ৰ পৰা বৰ্তমানলৈকে বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি পৰবৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দৰে দায়িত্বশীল পদবীত কাৰ্যনিবাহ কৰা তথা বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰ তথা ভাৰতীয় প্ৰশাসনিক সেৱাতো দক্ষতাৰে কৰ্তব্য পালন কৰাসকলক স্মৰণ কৰে।

প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই কৃষি মহাবিদ্যালয়ৰ বাবে এই বিশেষ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰে ।কৃষি মহাবিদ্যালয়খনৰ পৰা বৰ্তমানলৈকে ৪৬৯৪ জনে স্নাতক, ২৬৮৫ জনে স্নাতকোত্তৰ আৰু ৪৯৩ গৰাকীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰি সামগ্ৰিকভাবে কৃষিৰ উত্তৰণৰ দিশৰ বিভিন্ন পৰ্যায়ত কৃষিক্ষেত্ৰৰ শেহতীয়া প্ৰত্যাহ্বানৰ সময়ত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাঁই , কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য , সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক , ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞাৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষক , বিজ্ঞানী , বিভাগীয় মুৰব্বী আৰু বিষয়াসকলে অংশ গ্ৰহণ কৰে ।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ ভাৰ্ছুৱেলী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত দেশ বিদেশৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীয়েও অংশ গ্ৰহণ কৰে ।