/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jorhat.jpg)
ডিজিটেল সংবাদ, যোৰহাট : যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত শুভাৰম্ভণি কৰা হ'ল কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী। মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভনি উপলক্ষে মঙলবাৰে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্যসূচী অনুষ্ঠিত হয় । 'খেতিয়কৰ বাবে আমাক অধিক শক্তিশালী আইন লাগে । অধিক সুৰক্ষিত আইনৰ প্ৰয়োজন আছে । কি ধৰণৰ আইন হ'ব লাগে কমেন্ট নিদিও কিন্তু কৃষকৰ সুৰক্ষাৰ বাবে আইন লাগে আৰু কৃষকৰ সম্পদ বৃদ্ধিৰ বাবেও আইন হ'ব লাগে ।' যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত মঙলবাৰে এই মত ব্যক্ত কৰে দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jorhat-1.jpg)
বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণৰ প্ৰসংগত গগৈয়ে লগতে কয় যে এবিঘা আধাবিঘা মাটিত যিমানেই বিজ্ঞানসন্মত কৃষি নহওক, যিমানেই উৎপাদন নাবাঢ়ক সেয়া মুঠেও যথেষ্ট নহয় । আনহাতে, কৃষি মহাবিদ্যালয়ৰ বিষয়ত তেওঁ মন্তব্য কৰে যে আজিৰ পৰা ৭৫ বছৰ আগতে কোনোবাই ভাবি উলিয়াইছিল কষিভিত্তিক অসমৰ অৰ্থনীতিৰ বাবে এটা বিজ্ঞানসন্মত অধ্যয়ন হ'ব লাগে। বিজ্ঞানসন্মতভাবে সেয়া ভাবি উলিয়ালে আৰু বিজ্ঞানসন্মত কৃষি অহাৰ লগে লগে অন্য সমস্যাও আহি গ'ল । এনে বহু দিশত অসম কৃষি বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ অৱদান আছে, কাৰিকৰী প্ৰযুক্তি কৌশল আৰু বিজ্ঞানসন্মত জ্ঞানৰ সৈতে তেওঁলোকে কৃষি অৰ্থনীতিৰ পৰিবৰ্তন সাধন কৰিবলৈ সক্ষম । বাকীবিলাকে যি সুযোগ, যি দিব লাগে , সেয়া যদি আহে আইন বনালেহে আহিব ।'
শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে তোমালোক উচিত দিশত আহিছা , ভালদৰে কৰা আৰু এই দিশত আগবাঢ়া । কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই আদৰণি ভাষণত কৃষি মহাবিদ্যালয়ৰ গৌৰৱোজ্জল পৰিক্ৰমাৰ অগ্ৰগতি সম্পৰ্কত আলোকপাত কৰে । উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ভাষণ প্ৰসংগত কয় যে কৃষি মহাবিদ্যালয়ে এই ৭৫ বছৰ সময়ছোৱাত ১০ হাজাৰোধিক কৃষি স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । সমান্তৰালভাবে ৫ জনকৈ উপাচাৰ্য, ২০ জনৰো অধিক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সঞ্চালক আৰু শতাধিক এ চি এচ আৰু এ পি এচ বিষয়া সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jorhat-2.jpg)
বন্তি প্ৰজ্বলন আৰু মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীতেই ড° নিবেদিতা ডেকা, ড° আব্দুল হালিমৰ সম্পাদনাত প্ৰকাশিত 'স্বাধীনোত্তৰ ভাৰতৰ কৃষি অৰ্থনীতিৰ এক আলোকপাত' আৰু ড° পলাশ দেৱনাথ, ড° অনুৰাগ কাশ্যপ, ড° মুনমী বৰাৰ সম্পাদনাত প্ৰকাশিত গাইড বুক অফ প্লেন্ট পেথলজি নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় । লগতে এটা ৱেব পেজো মুকলি কৰা হয় । চীফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকায়ো বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহাই, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক , স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, মুৰব্বী অধ্যাপকসকল, গৱেষক বিজ্ঞানীসকল, প্ৰাক্তন অধ্যাপক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।
আৰু পঢ়ক : অসম আন্দোলনৰ অগ্ৰণী নেতা ভুৱন চন্দ্ৰ শৰ্মাৰ বিয়োগ…