/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/jorhat-result.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা আৰু নগাঁৱৰ পিছতে শনিবাৰে ফলাফল ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ৩ টা শাখাত স্থান দখলৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ শিক্ষাৰ্থীসকলে। অৱশ্যে এইক্ষেত্ৰত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে বে-চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাত জিলাখলৰ প্ৰাগজ্যোতিকা কনিষ্ট মহাবিদ্যালয়ৰ সপ্তদীপ সাহাই মুঠ ৪৭২ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰাৰ বিপৰীতে প্ৰজ্ঞা একাডেমী কনিষ্ট মহাবিদ্যালয়ৰ ঋধিমান শৰ্মাই ৪৭১ নম্বৰেৰে সপ্তম স্থান আৰু একেখন মহাবিদ্যালয়ৰে সুকন্যা ফুকনে ৪৭০ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।
কলা শাখাত প্ৰাগজ্যোতিকা কনিষ্ট মহাবিদ্যালয়ৰ কৌশিক কছাৰীয়ে ৪৭৫ নম্বৰ লাভ কৰি ২য় স্থান, কনচেন্ট একাডেমীৰ কন্যাশ্ৰী ভাগৱতীয়ে ৪৭৪ নম্বৰ লাভ কৰি ক্ৰমে ৩য়, ৪৬৯ নম্বৰ লাভ কৰি শতাব্দী শইকীয়াই ষষ্ঠ স্থান, ৪৬৮ নম্বৰ লাভ কৰি সমিন চুলতানে সপ্তম স্থাল দখল কৰাৰ বিপৰীতে প্ৰাগজ্যোতিকা কনিষ্ট মহাবিদ্যালয়ৰ অংশুমান গগৈয়ে ৪৬৬ নম্বৰেৰে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। একেখন মহাবিদ্যালয়ৰে বাণিজ্য শাখাৰ ছাত্ৰী নিৱেদিতা গগৈয়ে ৪৬৮ নম্বৰ আহৰণেৰে বাণিজ্য শাখাত ২য় স্থান দখল কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।
লক্ষণীয় কথা এয়ে যে অসমৰ বৌদ্ধিক তথা বিদ্যায়তনিক জগতত বিশেষ স্থান লাভ কৰি অহা যোৰহাট জিলাৰ এখনো প্ৰতিষ্ঠিত চৰকাৰী অথবা বে-চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম দহটা স্থানৰ ক্ষেত্ৰত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব নোৱাৰিলে।