জোনমণি কাণ্ডৰ ৪ টা গোচৰৰ তদন্ত কৰিব চি বি আইয়ে...

জোনমণি কাণ্ডৰ ৪ টা গোচৰৰ তদন্ত কৰিব চি বি আইয়ে...
জোনমণি কাণ্ডৰ ৪ টা গোচৰৰ তদন্ত কৰিব চি বি আইয়ে...

ডিজিটেল ডেস্কঃ অৱশেষত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব ল'লে চি বি আইয়ে। ১৫ মে'ৰ পুৱতি নিশা জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা জোনমণি ৰাভাৰ এই পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল বহু ৰহস্য।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল বহুজনে। সমগ্ৰ অসমে দাবী কৰিছিল চি বি আইৰ তদন্ত। অৱশেষত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এটা মাহৰ পাছত চি বি আইৰ তদন্তকাৰী দল আহি গুৱাহাটীত উপস্থিত হ'লহি।

চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত এটা দল আহি বুধবাৰে গুৱাহাটীত উপস্থিত হৈছেহি। এই দলটোৱে জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত কৰিব। ইফালে চি বি আইলৈ এই তদন্তৰ প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ কৰিছে।

জোনমণি ৰাভাৰ মাতৃয়ে কয় যে, জোনমণি ৰাভাও আছিল এগৰাকী আৰক্ষী বিষয়া। তেওঁ যিসকলৰ লগত কাম কৰিছিল তেওঁলোকো আৰক্ষী বিষয়া। এই গোচৰৰ তদন্ত কৰাবোৰো আৰক্ষী বিষয়া। চি বি আইৰ যিগৰাকী তদন্তকাৰী বিষয়া আহিছে তেওঁ এগৰাকী মহিলা বিষয়া।

গতিকে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ লগত হোৱা এই ঘটনা সঠিক ভাৱে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক। ইফালে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে কয়, চি বি আইৰ দল আহি গুৱাহাটীত উপস্থিত হৈছেহি বুলি শুনিছো। চি বি আইয়ে তদন্তৰ আওঁতালৈ সকলোকে আনক।

সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, আভাজ্যোতি ৰাভা, নালিয়া, জোনমণি প্ৰসংগত মন্তব্য কৰা নগাওঁ আৰক্ষীৰ আন আন লোক সকলোকে তদন্তৰ আওঁতালৈ আনিবলৈ তেওঁ দাবী কৰিছে। লগতে তেওঁৰ বাহনখনৰ ফৰেনছিক পৰীক্ষা কৰাৰো দাবী কৰিছে।

উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি চি বি আইয়ে জোনমণি ৰাভা কাণ্ড প্ৰসংগত ভিন্ন থানাত ৰুজু হোৱা ৪টা গোচৰৰ তদন্ত কৰিব।

জোনমণি কাণ্ডৰ ৪ টা গোচৰৰ তদন্ত কৰিব চি বি আইয়ে...
নিশা মালিগাঁৱ উৰণীয়া সেঁতুৰ তলত মুখ্যমন্ত্ৰীঃ ঠিকাদাৰ, অভিযন্তাক দিলে নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in