জোনাইত জলজীৱন মিছনৰ ১০টা পানী যোগান আঁচনিৰ নিৰ্মাণ সম্পূৰ্ণ...

১০টা পাইপযোগে যোগান ধৰা বিশুদ্ধ খোৱাপানী আঁচনিৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে

author-image
Asomiya Pratidin
New Update
জোনাইত জলজীৱন মিছনৰ ১০টা পানী যোগান আঁচনিৰ নিৰ্মাণ সম্পূৰ্ণ...

jonai water supply

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাত জলজীৱন মিছনৰ ১০টা পাইপযোগে যোগান ধৰা বিশুদ্ধ খোৱাপানী আঁচনিৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। নিৰ্মাণ সম্পূৰ্ণ হোৱা জলজীৱন মিছনৰ পানীযোগান আচঁনি কেইটা হ'ল ক্ৰমে - ৩নং ৰংপুৰীয়া, চিমেন কৈৱৰ্ত, মাজগাঁও চমকং, লকলুং মিচিং, ৩নং মোহনপুৰ, মাণিকপুৰ, মালভোগ মিচিং, নলনীপাম, ১নং ৰিগবি আৰু ২নং ৰিগবি পানীযোগান আঁচনি।

Advertisment

ইপিনে বিগত দিনত মেছাকী, চিকাৰী, তাদুনীয়া মিচিং আৰু বিলপাৰ মাজগাঁও পানী যোগান আঁচনি চাৰিটা সম্পূৰ্ণ হোৱাৰ পিছত মুকলি কৰা হয়। জোনাই মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ সহকাৰী কাৰ্যবাহী অভিযন্তা দেৱজিৎ পাতিৰে জানিব লৈ দিয়া মতে এই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আঁচিন কেইটা ৰাইজক পানী যোগান ধৰি থকা হৈছে।

উল্লেখযোগ্য যে জোনাইৰ মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জলজীৱন মিছনৰ ৮০ টা পানী যোগান আঁচনিৰ নিৰ্মাণৰ বাবে চৰকাৰৰ পুঁজি আবণ্টন দিছে। বাকী আচঁনিও নিৰ্মাণ চলি থকা বুলি জোনাই মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ সহকাৰী কাৰ্যবাহী অভিযন্তা দেৱজিৎ পাতিৰে জানিবলৈ দিয়ে।

assam dhemaji jonai