বিপদসংকুল পৰিৱেশত শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ…

বিপদসংকুল পৰিৱেশত শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ…

author-image
asomiyapratidin
New Update
বিপদসংকুল পৰিৱেশত শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ…

ডিজিটেল সংবাদ, জোনাই : এখন বিদ্যালয় বানপানীত বুৰ গৈ আছে। চাৰিওফালে কেৱল পানী আৰু পানী। এনেদৰে বানপানীত বুৰ গৈ থকা পৰিবেশৰ মাজতে কণ কণ শিশু ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ অব্যাহত ৰাখিব লগা হৈছে। ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য।

Advertisment

বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়খন দীৰ্ঘ দিন ধৰি বানপানীত বুৰ গৈ আছে। বানত বুৰ গৈ থকা বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়খনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিপদজনক যাতায়াতেৰে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকলে দৈনিক টুলুঙা নাৱেৰে বান বিভীষিকাৰ মাজতো বিদ্যালয়খনলৈ আহি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

ছবিত দেখাৰ দৰে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে অভিভাৱকৰ সৈতে কণ কণ ছাত্ৰ-ছাত্ৰীসকল দৈনিক বিদ্যালয়লৈ আহিব লগা হৈছে । বিষ্ণুপুৰ আৰু মূলান গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা একমাত্ৰ শিক্ষানুষ্ঠান বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়খন দীৰ্ঘ দিন ধৰি বানপানীত বুৰ গৈ আছে যদিও কৰ্তৃপক্ষৰ নাই কাণসাৰ।

গাঁও দুখনৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰীসকলে বানপানীত ডুব গৈ থক বিপদসংকুল তথা প্ৰতিকূল পৰিবেশ মাজত আলোকৰ সন্ধানৰ যাত্ৰা অব্যাহত ৰাখিছে। চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা দিখাৰী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুৱভাৱে এনেদৰে এখন সৰু টুলুঙা নাৱেৰে শিক্ষা গ্ৰহণৰ বাবে দৈনিক যাতায়াত কৰিব লগা ঘটনাই বিবেকবান সচেতন মহলক চিন্তিত কৰিছে যদিও চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধিৰ কোনো কাণসাৰ নাই।

আৰু পঢ়ক: সংকটত নৰোৱা বালিসত্ৰঃ বেদখলকাৰীৰ কবলত ৫০০ শ বিঘা ভূমি…

assam jonai