/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/roadccc.jpg)
ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ মহকুমাৰ দিখাৰী নদীত মঙলবাৰে পুৱা সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। জোনাই মহকুমাৰ তেলামৰ লক্ষীপুৰৰ সমীপৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিখাৰী নদীৰ দলঙৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰামতে চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাচিঘাটৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা 'মা পানৈ' নামৰ যাত্ৰীবাহী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰি দলঙৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাটোত যাত্ৰীবাহী বাছখন এক প্ৰকাৰে দলঙৰ ওপৰত পঠালি হৈ ওলমি ৰয়।
দুৰ্ঘটনাটোৰ ফলত বহু যাত্ৰী গুৰুত্বভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইপিনে ৰাষ্ট্ৰীয় ঘাইপথৰ তেলামৰ লক্ষীপুৰৰ দিখাৰী দলঙৰ ওপৰত যাত্ৰীবাহী বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহু সময়লৈ যাতায়াত ব্যাহত হৈ পৰে।