জোনাইত বহুভাষিক কবিতা পাঠ আৰু কবি সম্বৰ্ধনা অনুষ্ঠান...

ঙাচাৰচুক বাকৰিত "জোনাইত কবিতাৰ জোনাক" শীৰ্ষক বহুভাষিক কবিতা পাঠ আৰু কবি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়

author-image
Asomiya Pratidin
New Update
জোনাইত বহুভাষিক কবিতা পাঠ আৰু কবি সম্বৰ্ধনা অনুষ্ঠান...

jonai poet felicitation

ডিজিটেল সংবাদ, জোনাই : সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা সমিতিৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাৱৰ সহযোগত দেওবাৰে সন্ধিয়া জোনাই কাৰ পাৰ্কিং প্লেচৰ ঙাচাৰচুক বাকৰিত "জোনাইত কবিতাৰ জোনাক" শীৰ্ষক বহুভাষিক কবিতা পাঠ আৰু কবি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

মুৰ্কংচেলেক মহাবিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা এটি গীতেৰে আৰম্ভ হয় অনুষ্ঠানটো। কাব্যানুষ্ঠানখনত সভাপতিত্ব কৰে সদৌ অসম কবি সন্মিলনৰ জোনাই শাখাৰ সভাপতি তোষেশ্বৰ আগৰৱালাই।

সদৌ অসম কবি সন্মিলনৰ জোনাই শাখাৰ সম্পাদিকা প্ৰান্তিকা শৰ্মাই আঁত ধৰা কাব্যানুষ্ঠানত বিশিষ্ট কবি উৎপল দলে, ৰবি কুম্বাং, মাধৱ পাৱ, জয়কুমাৰ দলে, ড০ সুখলতা ফুকন গগৈ, নবীন গগৈ, অঞক পাঞাং, অল্পনা দলে, ড০ দীপক কুমাৰ দলে, বিজয় বৰি, অপেল দলে, অঞ্জনা টায়ুং শইকীয়া, পদ্ম পাংগিং, দীপ্তিৰাণী পেগু, জিণ্টিমা স্বৰ্গীয়াৰী, সঞ্জীৱ দেৱ ৰয়, তিলক মেধি, ৰিংকমণি বড়ো, ঝৰ্ণা দাস, মলয়া কুটুম, তোষেশ্বৰ আগৰৱালাই, প্ৰান্তিক শৰ্মা, ব্লেচী কাশ্যপ, নৰ্দমা দলে, ৰবি কুম্বাং, ৰয়েল পেগু আদিয়ে বহুভাষিক কবিতা পাঠ অনুষ্ঠানত অসমীয়া, মিচিং, বড়ো, বাঙালী, ইংৰাজী আৰু অৰুণাচল প্ৰদেশৰ আদি ভাষাৰ কবিতা পাঠ কৰে।

ইপিনে জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট কবি মাধৱ পাৱ, ৰবি কুম্বাং আৰু উৎপল দলেক সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা আৰু জোনাই প্ৰেছ ক্লাৱৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ তৰফৰ পৰা ছেপ্টেম্বৰ মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপলক্ষে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত, বিশিষ্ট কবি তথা প্ৰকৃতিকৰ্মী উৎপল দলেক বিশেষ সম্বৰ্ধনা জনোৱা হয়। ।

কাব্যানুষ্ঠানত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগু, হেমচন্দ্ৰ দাস, ৰাজীৱ পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, জোনাই প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ প্ৰজিপতি, ভাস্কৰজ্যোতি টায়েং, গৌতম পেগু, প্ৰদীপ গগৈ, প্ৰফুল্ল কামান আদি বহু কাব্যপ্ৰেমীয়ে উপস্থিত থাকে।

assam jonai