মুৰ্কংচেলেক মহাবিদ্যালয়ত স্থায়ী তোৰণ-প্ৰেক্ষাগৃহ উন্মোচন...

মুৰ্কংচেলেক মহাবিদ্যালয়ত স্থায়ী তোৰণ-প্ৰেক্ষাগৃহ উন্মোচন...
Published on
Updated on

ডিজিটেল সংবাদ, জোনাইঃ জোনাই মহকুমাৰ ঐতিহামণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ত আজি স্থায়ী তোৰণ আৰু শব্দ, শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ উন্মোচন কৰা হয়। প্ৰথমতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ দ্বাৰা ফিটা কাটি আনুষ্ঠানিকভাৱে ঐতিহামণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ স্থায়ী তোৰণ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগু আৰু তেওঁৰ সহধৰ্মিণী ৰেণু দলে পেগুৱে ড০ হৰকান্ত পেগুৰ পিতৃ-মাতৃ ক্ৰমে কুলাচন পেগু আৰু বুতলি পেগুৰ স্মৃতিত‌ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ স্থায়ী তোৰণ‌‌‌ আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে।

ইপিনে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৰ দ্বাৰা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ শব্দ, শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ইয়াৰ পিছত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সাংসদ প্ৰদান বৰুৱাই ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাথঁনিৰ উন্নয়নত পৰ্যায়মানে পদক্ষেপ গ্ৰহণ কৰাৰ আস্থা প্ৰদান কৰে। মহাবিদ্যালয়খনৰ অধ্যাপিকা ড০ প্ৰান্তিকা শৰ্মাই আত ধৰা সভাত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে নিজৰ ভাষণত মানুহৰ সভ্যতাক শিক্ষা আৰু গণতান্ত্ৰিক ব্যবৱস্থাই ত্বৰান্বিত কৰে বুলি উল্লেখ কৰাৰ লগতে প্ৰস্তাৱিত মুৰ্কংচেলেক বিশ্ববিদ্যালয়ৰ কেম্পাচ হিচাপে মুৰ্কংচেলেক মহাবিদ্যালয়ক গঢ়ি তুলিবলৈ পৰিকল্পনা কৰাৰ বিষয়ে সদৰী কৰে।

তদুপৰি বিধায়ক ভুবন পেগুৱে অহা শিক্ষা বৰ্ষৰ পৰা জোনাই মহকুমাৰ পুৰণা জেলম গাঁৱত নিৰ্মাণ কৰা একলব্য আৱাসিক বিদ্যালয়ৰ শিক্ষা বৰ্ষ আৰম্ভ হ'ব বুলি জানিব লৈ দিয়ে। ইপিনে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰকান্ত পেগুৱে নিজৰ ভাষাত শ্ৰেষ্ঠ মানৱ সম্পদ গঢ়াৰ অবিৰত যাত্ৰা বৰ্তি থকা মুৰ্কংচেলেক মহাবিদ্যালয়ত তেওঁৰ পিতৃ-মাতৃৰ সোঁৱৰণীত স্থায়ী মূল তোৰণ‌‌‌ নিৰ্মাণৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়। তদুপৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰমেৰে নিজৰ জীৱন সাৰ্থক কৰাৰ‌ লগতে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ ঐতিহ্য আৰু গৰিমা উজ্জ্বল কৰি‌ ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জোনাই মহকুমাধিপতি শান্তনু গগৈ, ৰেণু দলে পেগু, লক্ষেশ্বৰ টায়ে, চিত্ৰাৱতী মদি, দেৱেন গগৈ, কৰ্জুন পাইত, মাধৱ পাৱ, নৱীন পায়েং আদি বহু গণ্যমান্য ব্যক্তিৰ লগতে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীয়ে উপস্থিত থাকে।

জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস উদ্ধোধন : জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ছাত্ৰী নিৱাসখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসখন জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগুৱে অহা বৰ্ষত ৰূপালী জয়ন্তী অনুষ্ঠিত হবলগীয়া মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস নিৰ্মাণ বাবে এক কোটি টকা আবণ্টন দিয়া বাবে বিধায়ক ভুবন পেগুক ধন্যবাদ জ্ঞাপন কৰে। ৪২ গৰাকী ছাত্ৰীয়ে ছাত্ৰী নিবাসত থাকিব পাৰিব। জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰবক্তা জলেন্দ্ৰনাথ দলেয়ে আত ধৰা সভাত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুৱে ভাষণ দি মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাসমূহ‌ পৰ্যায় ক্ৰমে সমাধানৰ আস্থা প্ৰদান কৰে।

ইপিনে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ তৰফৰ পৰা জোনাই বিজ্ঞান মহাবিদ্যালয়ক প্ৰদেশিকীকৰণ কৰা, নিযুত মইনা আঁচনিৰ সুবিধা স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক‌ প্ৰদান‌ কৰাৰ লগতে মহাবিদ্যালয়খনৰ বিভিন্ন আন্তঃগাথঁনিৰ সমস্যা সমাধান কৰিবলৈ স্মাৰক পত্ৰ এখন প্ৰদান কৰে। সভাত আদিত্য বৰুৱা, যুদ্ধবীৰ প্ৰধান, ঊষাৰ ৰাণী পেগুৰ লগতে শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰয়ে উপস্থিত থাকে। তদুপৰি আজি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগুৱে‌ জোনাই সমষ্টিৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাই বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত অংশগ্ৰহণ কৰাৰ লগতে অসম চৰকাৰৰ আনটাইড পূঁজিৰ দ্বাৰা জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত মধ্যপুৰ গাঁৱত নৱনিৰ্মিত দঞি পলঃ নামৰ বৃদ্ধাশ্ৰমখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

মুৰ্কংচেলেক মহাবিদ্যালয়ত স্থায়ী তোৰণ-প্ৰেক্ষাগৃহ উন্মোচন...
সভালৈ মাতি অনুপ চেতিয়াক হত্যাৰ ব্লুপ্ৰিন্ট! বগীনদীত দুজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in