/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/jonai.jpg)
ডিজিটেল সংবাদ, জোনাই: জোনাই মহকুমাৰ জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত মংগলবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
জোনাই মহকুমাৰ বানবিধ্বস্ত বৃহত্তৰ বেৰাচাপৰিৰ অঞ্চলৰ টাৰি মাজগাঁৱৰ পৰা শান্তিপুৰ তিনিআলিলৈ জলসম্পদ বিভাগৰ কোটি টকীয়া মথাউৰি নিৰ্মাণত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত ৰূপায়ণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সদস্য ৰাজীৱ গগৈ, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, উপ-সভাপতি হিৰণ শৰণীয়া, ৰবি কছাৰী, জোনাই মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, উপ-সভাপতি কল্লোল কোঁৱৰ, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বড়া, সহকাৰী সাধাৰণ সম্পাদক লুহিত গজমেৰ, বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ মন্টু সোণোৱাল, সাধাৰণ সম্পাদক ধীৰেন নৰহৰ লগতে জিলা ছাত্ৰ সন্থা আৰু জোনাই আৰু বাহিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
আছু আৰু গোৰ্খা ছাত্ৰ সন্থাৰ আন্দোলনকাৰীসকলে বিজেপি চৰকাৰৰ হায় হায়, জলসম্পদ বিভাগৰ হায় হায়, জলসম্পদ মন্ত্ৰী হুঁচিয়াৰ, জলসম্পদ বিভাগৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক গ্ৰেপ্তাৰ কৰক, বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰক, জলসম্পদ বিভাগৰ নামত আছে কামত নাই, বান-খহনীয়া সমস্যা সমাধানৰ কৰক, বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য সামগ্ৰী প্ৰদান কৰক আদি শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
আছুৰ কেন্দ্ৰীয় সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, গোৰ্খা নেতা ৰাজু ছেত্ৰী আদিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকি চিয়াং-লালী নদীৰ বান-খহনীয়াৰ পৰা জোনাই মহকুমাৰ বানবিধ্বস্ত বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ সুৰক্ষাৰ বাবে টাৰি মাজগাঁৱৰ পৰা শান্তিপুৰ তিনিআলিলৈ জলসম্পদ বিভাগৰ কোটি টকীয়া মথাউৰিটো জলসম্পদ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰে মিলি বালিৰে অতি নিম্নমানেৰে নিৰ্মাণেৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰীৰ ওচৰত দাবী জনায়।
উল্লেখযোগ্য যে চৰকাৰে জোনাই জলসম্পদ উপ-সংমণ্ডলৰ অধীনত লালী নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ মথাউৰি নিৰ্মাণৰ বাবে এছ অ' পি ডি শিতানৰ ৪.৫ কোটি টকা আবণ্টন দিছিল। জোনাইৰ বেৰাচাপৰিৰ মালভোগ তিনিআলিৰ পৰা তাৰিমাজ গাঁৱলৈ লালী নদীৰ পাৰত ২,৭০৫ মিটাৰ দৈৰ্ঘ্যৰে উক্ত ৪.৫ কোটি টকীয়া মথাউৰিটো বালিৰে অতি নিম্নমানেৰে নিৰ্মাণৰ ফলত ৰেইন কাট হৈ মথাউৰিটো বিধ্বস্ত হৈ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে।
ঠিকাদাৰ ৰাম সাগৰ আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাই গোপন মিতিৰালি কৰি অতি দুৰ্নীতি পূৰ্ণ ভাৱে লালী নদীৰ পাৰত বালি খনন কৰি বালিৰে নিৰ্মাণ কৰা কোটি টকীয়া আৰু অতি গুৰুত্বপূৰ্ণ মথাউৰিটো ৰেইন কাট বিধ্বস্ত হৈ পৰাত নৈপৰীয়া ৰাইজে আতংকৰে দিন ৰাতি পাৰ কৰিব লগা হৈছে। সমগ্ৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজক সংকটত পেলাই ঠিকাদাৰে আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাই কেৱল নিজৰ পকেট গৰম কৰি কোটি টকা হজম কৰিবলৈ এনেদৰে বালিৰে মথাউৰি নিৰ্মাণৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। জলসম্পদ বিভাগৰ নিম্নমানৰ মথাউৰিটো যিকোনো মুহূৰ্ততে বিচ্ছিন্ন হোৱাৰ আশংকাত নৈপৰীয়া ৰাইজে বিনিদ্ৰ নিশা পাৰ কৰিব লগা হৈছে।
এনেদৰে বালিৰে নিৰ্মাণ কৰা মথাউৰিটো বেৰাচাপৰি অঞ্চলক সুৰক্ষা দিয়াত বিফল হোৱাৰ নিশ্চিত ছবিয়ে দেখা দিয়াত মথাউৰি নিৰ্মাণ সংঘটিত সমগ্ৰ দুৰ্নীতিৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি ৰাইজৰ সহযোগত আছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচীৰ পিছত জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত জোনাই মহকুমাত মথাউৰি নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ আৰু বিষয়াৰ ওচৰত কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰা, বিজ্ঞান সন্মতভাৱে মথাউৰি নিৰ্মাণ কৰা, বানপানী, গড়া-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি স্থায়ী সমাধান কৰা আৰু বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান প্ৰদান কৰিবলৈ দাবী জনাইছে।