জোনাইত কিয় উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক?

জোনাইত কিয় উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক?

ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত মহকুমাত সংঘটিত হৈছে এক জঘন্য ঘটনা। জোনাই মহকুমাৰ বৈকুণ্ঠপুৰৰ ৰাকুত ককে গাঁৱৰ এগৰাকী মহিলাৰ কোলাৰ পৰা কেঁচুৱা কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ অভিযোগত গাঁৱৰ উত্তেজিত ৰাইজে খেদি খেদি মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে এজন লোকক।

জানিব পৰামতে বুধবাৰে নিশা এজন অচিনাক্ত লোকে ৰাকুত ককে গাঁৱৰ এগৰাকী মহিলাৰ কোলাৰ পৰা কেঁচুৱা কাঢ়ি লৈ পলাই যায়। মহিলা গৰাকীৰ চিঞৰ-বাখৰত ওলাই আহিছিল অঞ্চলটোৰ শ শ লোক। উত্তেজিত জনতাই খেদি খেদি অচিনাক্ত লোকজনক ধৰে আৰু উত্তেজিত লোকৰ গণ প্ৰহাৰত নিহত হয় লোকজন।

ইপিনে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত লোকজনক উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। গণপ্রহাৰত নিহত লোকজন গোগামুখ চুতীয়া গাঁৱৰ গোলাপ বৰুৱা (৩২) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। গোলাপ বৰুৱা মানসিক ৰোগী বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in