/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/jonai.jpg)
ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমাৰ লাইমেকুৰীৰ ৰাকুত ককে গাঁৱত বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত উত্তেজিত ৰাইজে নৃশংসভাৱে গোগামুখ চেতিয়া গাঁৱৰ গোলাপ বৰুৱাৰ নামৰ এজন মানসিক ৰোগীক অমানৱীয়ভাৱে হত্যা কৰা ঘটনাক জোনাই জিলা সমিতি টি এম পি কে, এম এম কে আৰু টি এম পি কেই তীব্ৰ গৰিহণা দিছে।
টি এম পি কে, এম এম কে আৰু টি এম পি কে বৃহস্পতিবাৰে উক্ত ঘটনা সন্দৰ্ভত জোনাই সদৰৰ ঙাচাৰচুক উকোমত এক সংবাদমেল আয়োজন কৰি উক্ত অমানৱীয় তথা নৃশংস ঘটনাৰ ওপৰত উচিত তদন্ত কৰি ঘটনাটোত জড়িত দুৰ্বৃত্তসকলক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়।
জোনাই জিলা সমিতি টি এম পি কেৰ সভাপতি সঞ্জয় কুম্বাং, সম্পাদক মিগম দলে, টি এম এম কেৰ সভানেত্ৰী দীপিকা পেগু আৰু সম্পাদিকা ভাৰতী চুংক্ৰাঙৰ লগতে বহু কেইজন কৰ্মকৰ্তাই উপস্থিত থকা সংবাদমেলত উক্ত অমানৱীয় তথা নৃশংস ঘটনাত জড়িতসকলক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত টি এম পি কে, এম এম কে আৰু টি এম পি কেই আৰক্ষী প্ৰশাসনক সম্পূৰ্ণ সহযোগ কৰিব বুলি ঘোষণা কৰে।
ইপিনে শেহতীয়াকৈ সোপাধৰাৰ নামত বিভিন্ন গাঁও অঞ্চলত ৰাইজৰ মাজত আতংকৰ পৰিবেশ বিৰাজ কৰিছে। ফলত এনে সোপাধৰা আদি অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিবলৈ প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক তিনি মিচিং সংগঠনে আহ্বান জনাইছে। ঘটনা সন্দৰ্ভত উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত সংগঠন তিনিটাই জোনাই মহকুমাধিপতি আৰু মহকুমা আৰক্ষী বিষয়াৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰে।