জোনাইৰ গান্ধী ময়দানত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

জোনাইৰ গান্ধী ময়দানত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
জোনাইৰ গান্ধী ময়দানত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত সোমবাৰে জোনাই গান্ধী ময়দানত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। প্ৰথমতে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্প মাল্যাৰ্পণ কৰে। ইয়াৰ পিছত মহকুমা প্ৰশাসনৰ উক্ত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ কুচ-কাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰাৰ পিছত জাতীয় পতাকা উত্তোলন কৰে।

Advertisment

মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণ জাতীৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামত শ্বহিদ বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে জোনাই মহকুমাৰ বিভিন্ন চৰকাৰী বিভাৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। ইপিনে জোনাই মহকুমা প্ৰশাসনৰ উক্ত স্বাধীনতা দিৱস অনুষ্ঠানত মহকুমা প্ৰশাসন তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা প্ৰদৰ্শন কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি স্বাধীনতা দিৱস উদযাপনস্থলীত সাংবাদিকতাৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে আছাম ট্ৰিবিউন কাকতৰ স্থানীয় সাংবাদিক প্ৰফুল্ল কামনাক ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শন কৰে। ইপিনে জোনাই প্ৰেছ ক্লাৱত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে।

আৰু পঢ়ক : ঘিলামৰা প্ৰেছ ক্লাৱৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

assam independence day jonai