/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/daf215e9-2f22-4eec-8887-e1db60b0312d/fl.jpg)
ডিজিটেল সংবাদ,জোনাই : অসম আৰু অৰুণাচল প্ৰদেশত কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা চিয়াং আৰু বিভিন্ন নৈ-উপনৈৰ বাঢ়নী পানীয়ে জোনাই মহকুমাৰ বৃহৎ নৈপৰীয়া অঞ্চল বুৰাই পেলাইছে। বিশেষকৈ চিয়াং নদীৰ বাঢ়নী পানীয়ে শ শ বিঘা সোণোৱালী কৃষিভূমি বুৰাই পেলোৱা বিস্তীৰ্ণ শস্যপথাৰ নষ্ট হোৱা আশংকা দেখা দিছে।
জোনাই মহকুমাৰ শান্তিপুৰ, মালভোগ, ৰাভা কাঠণী, সোণোৱাল কাঠণী আদি অঞ্চলৰ চাৰিও পিনে কেৱল পানী আৰু পানী। এক কথাত ক'বলৈ গ'লে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। ফলত শান্তিপুৰ, মালভোগ, ৰাভা কাঠণী, সোণোৱাল কাঠণীৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বাৰিষাত চহা কৃষকে কপালৰ ঘাম মাটিত পেলাই ৰুৱা ধাননি পথাৰ চহাবলৈ আৰু কেইটামান দিন বাকী। এনে সময়তে শ শ বিঘা শস্য পথাৰ পানীত বুৰ গৈ থকাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শ শ বিঘা পকা ধান এনেদৰে চাৰি পাঁচ দিন ধৰি পানীত ডুব গৈ থকাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে।
আহিন মাহত হঠাৎ অহা প্ৰলয়ংকৰী বানপনীয়ে চূৰমাৰ কৰিছে কৃষকৰ সোণালী সপোন। কপালৰ ঘাম মাটিত পেলাই প্ৰায় তিনি-চাৰি মাহ পূৰ্বে কৃষকে দেখা সোণালী সপোন এতিয়া পানীত উটি যোৱাৰ উপক্ৰম হৈছে। আহিন মহিয়া বানৰ ধ্বংসলীলাত এতিয়া জোনাইৰ কৃষকে নীৰৱে চকুলো টুকিছে।