জোনাইত আহিন মহীয়া বানৰ তাণ্ডৱ...

বানে বুৰাই পেলাইছে জোনাইৰ জামুগুৰিৰ কেইবাখনো গাঁও

author-image
Asomiya Pratidin
New Update
জোনাইত আহিন মহীয়া বানৰ তাণ্ডৱ...

flood

ডিজিটেল ডেস্ক : জোনাইত আহিন মহীয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। দিখাৰী আৰু ছিয়াং নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ। আনহাতে, বানে বুৰাই পেলাইছে জোনাইৰ জামুগুৰিৰ কেইবাখনো গাঁও।

উল্লেখ্য যে যোৱা কেইবাদিনো হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্য বহু ঠাইত বানে লৈছে ভয়কৰ ৰূপ। আহিন মহীয়া বানে ধুই নিছে বহুকেইখন গাঁও। যাৰ ফলত আশ্ৰয় শিবিৰত বাস কৰিব লগা হৈছে গাঁওবাসী।

জোনাইৰ ৰামধন দিখাৰী আৰু তেলাম পঞ্চায়তৰ এক বৃহৎ অঞ্চল পানীৰ তলত বুৰ গৈছে। বানাক্রান্তই খোৱাপানীৰ অভাৱতো ভুগিবলগীয়া হৈছে। প্রশাসনৰ পৰা কোনো সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে।

assam dhemaji jonai