২৮ আগষ্টত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে সাজু জোনাই প্ৰশাসন…

২৮ আগষ্টত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে সাজু জোনাই প্ৰশাসন…

author-image
asomiyapratidin
New Update
২৮ আগষ্টত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে সাজু জোনাই প্ৰশাসন…

ডিজিটেল সংবাদ, জোনাই : অহা ২৮ আগষ্টত জোনাই মহকুমাৰ সাতটা পৰীক্ষা কেন্দ্ৰত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ মহকুমা প্ৰশাসন যথেষ্ট সতৰ্কতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ামতে জোনাই মহকুমাৰ ফ্ৰেন্সালিয়ান হাইস্কুল, জোনাই বিজ্ঞান মহাবিদ্যালয়, জোনাই বালিকা বিদ্যালয়, মুৰ্কংচেলেক কলেজ, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, লাইমেকুৰী মহাবিদ্যালয়, লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি পৰীক্ষা কেন্দ্ৰৰ পাঁচশ মিটাৰৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰা বুলি সদৰী কৰে। তদুপৰি পৰীক্ষাৰ দিনা ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব বুলিও সদৰী কৰে।

assam himanta biswa sarma Assam police