দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি…

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, জোনাই : দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১০ নং জোনাই পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা শুকুৰবাৰে প্ৰকাশ কৰে। জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে তেওঁৰ কাৰ্যালয়ৰ সভা কক্ষত জানিব লৈ দিয়ামতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১০ নং জোনাই পৰিষদীয় সমষ্টিত খচৰা ভোটাৰ তালিকামতে মুঠ সাতখন গাঁৱৰ ৫টা ভোট কেন্দ্ৰত মুঠ ৮৪৩ গৰাকী ভোটাৰ আছে।

Advertisment

ইয়াৰে ৪০৭ গৰাকী পুৰুষ আৰু ৪৩৬ গৰাকী মহিলা ভোটাৰ। ১০নং জোনাই পৰিষদীয় সমষ্টিৰ জোনাই বজাৰ এল পি স্কুল ভোট কেন্দ্ৰত ১৬৮ গৰাকী, লুহিজান এল পি স্কুল ভোট কেন্দ্ৰত ২৯৮ গৰাকী, দুই নং চিৰামপুৰীয়া এল পি স্কুল ভোট কেন্দ্ৰত ১৬২ গৰাকী, ভেকলি এল পি স্কুল ভোট কেন্দ্ৰত ১২৬ গৰাকী আৰু বৰংচৰাই বাৰী এল পি স্কুল ভোট কেন্দ্ৰত ৮৯ গৰাকী ভোটাৰ আছে।

তদুপৰি মহকুমাধিপতিয়ে জানিব লৈ দিয়ামতে খৰচা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ-আপত্তি থাকিলে বা নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত, নাম কৰ্তন আদিৰ বাবে অহা ১০ ছেপ্টেম্বৰৰ ভিতৰত জোনাই মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি আবেদন কৰিব পাৰিব।

ইপিনে ২৬ ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলিও সদৰী কৰে। খচৰা ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত শুকুৰবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত মহকুমাধিপতিৰ লগতে মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাটিৰ আৰু কংগ্ৰেছ, বিজেপি, জিমছায়া পিপুলচ পাৰ্টি আৰু অগপৰ প্ৰতিনিধি উপস্থিত থাকে।

assam himanta biswa sarma