জোনাইত কংগ্ৰেছৰ ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’…

জোনাইত কংগ্ৰেছৰ ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’…

author-image
asomiyapratidin
New Update
জোনাইত কংগ্ৰেছৰ ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’…

ডিজিটেল সংবাদ জোনাইঃ দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তী উপলক্ষে ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত আৰু মুৰ্কংচেলেক ব্লক, চিচিবৰগাঁও ব্লক, চিলাপথাৰ টাউন আৰু ধেমাজি নগৰ সমিতি কংগ্ৰেছৰ সহযোগত আজি জোনাই টাউন ক্লাৱৰ ঘৰৰ পৰা 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' শীৰ্ষক পদযাত্ৰা শুভাৰম্ভ কৰে। আজিৰ পৰা পোন্ধৰ আগষ্টলৈ চলিবলগা 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা' কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে, অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতাই।

Advertisment

জয়ন্ত কলিতাই উদ্বোধনী ভাষণত কংগ্ৰেছৰ উদ্যোগত চলা দেশৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন দিশ উল্লেখ কৰি ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱা আজি ঐতিহাসিক দিনৰ পৰা কংগ্ৰেছে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তী উপলক্ষে 'স্বাধীনতাৰ গৌৰৱময় যাত্ৰা'ৰ পদযাত্ৰা উলিওৱা বুলি মন্তব্য কৰে।

এই স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক অনিমেশ গগৈ, ভাস্কৰ দুৱৰা, মেণ্টৰাম পেগু, নন্দেশ্বৰ ৰেগন, উমেশ দলে, বিজয় পেগু, চণ্ডীৰাম পেগু, ৰীণা দলে, দুলাল গগৈ, হিতেশ পেগু, পদুমী দলে, প্ৰভাৱতী পেগু, বিজু পেগু, ৰুদ্ৰ দৈমাৰী, সঞ্জয় পেগু আৰু মহাবীৰ পায়েঙৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, য়ং ব্ৰিগেড, সেৱা দল, জনজাতি কোষ, সংখ্যা লঘু কোষ, পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যা, ৱাৰ্ড সদস্য আৰু বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

assam cong congress bhupen borah